ছাত্ৰৰ আত্মহত্যাৰ ঘটনা : ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু দোষী অধ্যাপকক নিলম্বন

Dhakuakhana

যোৱা ১২ ছেপ্তেম্বৰত এজন ছাত্ৰই অধ্যক্ষ আৰু এজন অধ্যাপকৰ দ্বাৰা অপমানিত হৈ আত্মহত্যা কৰা ঘটনাত ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা উক্ত অধ্যাপকজনক নিলম্বন কৰিছে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে।

উল্লেখযোগ্য যে উক্ত দিনা এজনী ছোৱালীক জোকোৱাৰ অভিযোগত মহাবিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বিজ্ঞান শাখাৰ ছাত্ৰ দুলেন চুতীয়া আৰু তেওঁৰ এজন বন্ধুক মহাবিদ্যালয়খনৰ খনীন দত্ত নামৰ এজন অধ্যাপকে চৰিয়াইছিল। পিছত অধ্যাপকজনে দুয়োকে অধ্যক্ষৰ কোঠালৈ লৈ যায়। অধ্যক্ষ ড০ যোগানন্দ সূতে পৰিচয়পত্ৰ কাঢ়ি লোৱাৰ লগতে ছাত্ৰ দুজনক ককৰ্থনা কৰে। আনকি মহাবিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰাৰো হুমকি দিয়ে।

ইয়াৰ পিছতে দুলেন চুতীয়া নামৰ ছাত্ৰজনে নিজৰ ভাৰাঘৰলৈ গৈ মহাবিদ্যালয়ৰ য়ুনিফ’ৰ্ম পিন্ধি থকা অৱস্থাতে চিপ লৈ আত্মহত্যা কৰে।

ইয়াৰ পাছতেই দুলেন চুতীয়া ভাৰাঘৰলৈ আহি মহাবিদ্যালয়ৰ ইউনিফৰ্ম পৰিধান কৰি থকা অৱস্থাৰেই দুপৰীয়া প্ৰায় এক বজাত চিপ লৈ আত্মহত্যা কৰে। ঘটনাটো ৰাষ্ট্ৰ হৈ পৰাৰ লগে লগে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উত্তেজিত হৈ উক্ত দিনাৰ গধূলিয়েই সমদল কৰি অধ্যক্ষৰ বাসভৱন ঘেৰাও কৰে। অধ্যক্ষক বিচাৰি নাপাই ছাত্ৰ-ছাত্ৰীৰ দলটোৱে থানা ঘেৰাও কৰে। অৱশ্যে, আৰক্ষী আৰু অসামৰিক প্ৰশাসনৰ বিষয়াই দলটোক দোষীক শাস্তি প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰি ঘূৰাই পঠিয়ায়। ঘটনাৰ পিছদিনাও ছাত্ৰ-ছাত্ৰীসকলে অধ্যক্ষক নিলম্বনৰ দাবীত ব্যাপক প্ৰতিবাদ অব্যাহত ৰাখে।

আনহাতে ১৪ ছেপ্তেম্বৰত লখিমপুৰ জিলাৰ উপায়ুক্ত ড০ জীৱন বি আৰু আৰক্ষী অধীক্ষক সুধাকৰ সিঙে ঢকুৱাখনালৈ গৈ পৰিস্থিতি পৰ্য্যৱেক্ষণ কৰে। ইয়াৰোপৰি উত্তৰ মণ্ডলৰ ডি আই জি লাচিত বৰুৱায়ো ঢকুৱাখনা ভ্ৰমণ কৰে আৰু প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলক দোষীক শাস্তি দিয়াৰ আশ্বাস দিয়ে। তেওঁ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে নিহত ছাত্ৰজনৰ ভোমা চুতীয়াগাৱঁৰ ঘৰলৈও যায়।

ইয়াৰ পিছত ঢকুৱাখনা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ এখন বৈঠকত অধ্যক্ষ ড- সূত আৰু ছাত্ৰজনক চৰিওৱা অধ্যাপক খনীন দত্তক নিলম্বনৰ সিদ্ধান্ত লোৱা হয়।