NORTHEAST NOW (Assamese)

আপোনাৰ দৰে কাপুৰুষ, ক্ষমতালোভী একনায়কত্ববাদীৰ আগত…! সৰৱ প্ৰিয়ংকা গান্ধী

March 24, 2023 6:18 pm · এন ই নাও নিউজ, নতুন দিল্লী

কংগ্ৰেছ সাংসদ তথা বিৰোধী নেতা ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তনৰ পিছতে সৰৱ হৈ পৰিছে প্ৰিয়ংকা গান্ধী। এলানি টুইটত প্ৰিয়ংকাই যথেষ্ট আৱেগ আৰু ক্ষোভেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰী মোদীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

এটা টুইটত প্ৰিয়ংকাই কৈছে, ‘’ ..@narendramodi ডাঙৰীয়া, আপোনাৰ ভক্তসকলে এজন শ্বহীদ প্ৰধানমন্ত্ৰীৰ পুত্ৰক বিশ্বাসঘাতক, মীৰজাফৰ বুলি ক’লে। আপোনাৰ এজন মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰিলে যে ৰাহুল গান্ধীৰ পিতৃ কোন?’’

প্ৰিয়ংকাই লিখিছে, ‘’কাশ্মীৰী পণ্ডিতৰ প্ৰথা অনুসৰণ কৰি এজন পুত্ৰই পিতৃৰ মৃত্যুৰ পিছত পাগুৰি পিন্ধে, পৰিয়ালৰ পৰম্পৰা বজাই ৰাখে… ভৰা সংসদত সমগ্ৰ পৰিয়াল আৰু কাশ্মীৰী পণ্ডিত সমাজক অপমান কৰি আপুনি সুধিলে যে তেওঁ নেহৰু নামটো কিয় নাৰাখে…. কিন্তু কোনো ন্যায়াধীশে আপোনাক দুবছৰৰ শাস্তি নিদিলে। সংসদৰ পৰা আপোনাক অযোগ্য ঘোষণা কৰা নাই….’’

প্ৰিয়ংকাই পুনৰ লিখিছে, ‘’এজন প্ৰকৃত দেশপ্ৰেমিকৰ দৰে ৰাহুল জীয়ে আদানীৰ লুটপাতক লৈ প্ৰশ্ন উত্থাপন কৰিছিল, নীৰৱ মোডী আৰু মেহুল চোকছিক লৈ প্ৰশ্ন কৰিছিল…. আপোনাৰ বন্ধু গৌতম আদানী দেশৰ সংসদ আৰু ভাৰতৰ মহান জনগণতকৈও ডাঙৰ হৈ পৰিছেনে যে তেওঁৰ লুটপাতৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাত আপুনি অস্থিৰ হৈ পৰিল?’’

তাতেই ক্ষান্ত হোৱা নাই প্ৰিয়ংকা। তেওঁৰ পুনৰ ক্ষোভ প্ৰকাশ কৰি লিখিছে,  ‘আপুনি মোৰ পৰিয়ালক পৰিয়ালবাদী বুলি কয়, জানি থওক, এই পৰিয়ালে ভাৰতৰ গণতন্ত্ৰক তেজেৰে প্ৰাণ দিলে, যাক আপুনি ধ্বংস কৰিবলৈ চেষ্টা কৰিছে। এই পৰিয়ালে ভাৰতবাসীৰ কণ্ঠ উত্তোলন কৰি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সত্যৰ বাবে যুঁজি দিছে। আমাৰ শিৰাত বৈ যোৱা তেজৰ এটা বিশেষত্ব আছে… আপোনাৰ দৰে কাপুৰুষ, ক্ষমতালোভী একনায়কত্ববাদীৰ আগত কেতিয়াও নত হোৱা নাই আৰু কেতিয়াও নত নহয়। আপুনি যি মন যায় তাকেই কৰক।‘’

Related News