নৱবৰ্ষৰ প্ৰাক্ক্ষণত ‘এলেহুৱা’ অসমীয়া যুৱকক ৰাজপথ এৰি ‘কৃষিমুখী’ হোৱাৰ আহ্বান জীতেন দত্তৰ

41678548_964749617046304_5943067795049676800_n

অৰ্থনৈতিক সংগ্ৰামৰ নেতৃত্ব লৈ আলোচনাপন্থী আলফা নেতা জিতেন দত্ত।

ইংৰাজী নৱবৰ্ষৰ প্ৰাক্ক্ষণত ‘এলেহুৱা’ অসমীয়া জাতিৰ যুৱকক ৰাজপথ এৰি কৃষিমুখী হ’বৰ বাবে আহ্বান জনাইছে যুদ্ধবিৰতিত থকা আলফা নেতা জীতেন দত্তই। নতুন বছৰক আদৰিবলৈ মাজত মাথোঁ এটা দিন থকা সময়তে নৰ্থ ইষ্ট নাওৰ সৈতে দত্তৰ এক টেলিফোনিক সাক্ষাৎকাৰত অসমৰ খিলঞ্জীয়া যুৱকসকলক ‘উৎপাদনমুখী’ হ’বলৈয়ো অনুৰোধ জনাইছে আলফা নেতাজনে।

‘অসমীয়া ইমান এটা এলেহুৱা তথা আন্দোলনমুখী জাতি হৈ পৰিল যে বৰ্তমানৰ যুৱকে কষ্ট কৰিব নোৱাৰে। গতিক ‘অৰ্থনৈতিকভাৱে বজাৰখন খিলঞ্জীয়াৰ হাতলৈ আনিবৰ বাবে কিছুদিন লাগিব,‘-এইদৰে কয় দত্তই।

উল্লেখ্য যে, যোৱা ২৮ জুলাইৰ দিনা খিলঞ্জীয়া যুৱকসকলক স্ব-নিৰ্ভৰশীল’ কৰাৰ উদ্দেশ্য আগত ৰাখি আলোচনাপন্থী আলফা নেতা জীতেন দত্ত, মৃণাল হাজৰিকা, প্ৰবাল নেওগকে ধৰি অন্য বহুকেইগৰাকীৰ নেতৃত্বত  ‘অসম সুৰক্ষা উন্নয়ন পৰিষদ’ নামৰ এক অনুষ্ঠানৰ জন্ম হৈছিল।

ইতিমধ্যে প্ৰায় ১০ হাজাৰ শিক্ষিত নিবনুৱা যুৱকে এই ‘অৰ্থনৈতিক সংগ্ৰামত সঁহাৰি জনাইছে বুলি জানিব পৰা গৈছে। অৱশ্যে, দত্তৰ মতে অৰ্থনৈতিক সংগ্ৰামখনত ’১০ হাজাৰ যুৱক’ পৰ্য্যাপ্ত নহয়। ৰাজ্যৰ খিলঞ্জীয়া যুৱকসকলক তেওঁলোকৰ এই সংগ্ৰামৰ প্ৰতি সঁহাৰি দিবৰ বাবে আহ্বান জনাই তেওঁ লগতে কয়, ‘’অৰ্থনৈতিক সংগ্ৰামত অসমৰ যুৱকখিনিক জড়িত কৰিব নোৱাৰিলে সমস্তই বহিৰাগতৰ হাতলৈ গুচি যাব।‘‘

ইপিনে, চাকৰিমুখী যুৱকসকলে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিও কোম্পানীৰ চাকৰিৰ বাবে হাতে হাতে ফাইল লৈ দুৱাৰে দুৱাৰে ঘুৰি ফুৰাতকৈ ‘তেওঁলোকে কেনেকৈ নিজৰ ঘৰৰ মাটিখিনি সৎব্যৱহাৰ কৰি উপাৰ্জন বৃদ্ধি কৰিব পাৰে, সেই কথা চিন্তা নকৰে‘ বুলি দত্তই আক্ষেপ কৰে।

‘’তেনেকুৱা যুৱকখিনিক পৰিৱৰ্তন কৰিবলৈ আমাৰ অলপ সময় লাগিব, তথাপি আমি অহা ৩-৪ বছৰৰ ভিতৰত অসমৰ বজাৰ দখল কৰি পৰিৱৰ্তন আনিব পাৰিম,‘’- খিলঞ্জীয়াৰ অধীনলৈ ৰাজ্যৰ বজাৰসমূহ অনা সন্দৰ্ভত দত্তৰ এই মন্তব্য।

তদুপৰি, অৰ্থনৈতিক সংগ্ৰামখনত খিলঞ্জীয়া যুৱশক্তিক লগত লৈ স্বাৱলম্বী কৰাৰ লগতে বজাৰসমূহ দখল কৰিবৰ বাবে চেষ্টা চলাই থকা হৈছে বুলিও দত্তই আমাক জানিবলৈ দিয়ে।

আনহাতে, দুবিধ সামগ্ৰীৰ অতি সোনকালে বজাৰ দখল কৰিব পাৰি বুলি সদৰী কৰি দত্তই লগতে কয়, সেই দুটা হ’ল ‘মাছ’ আৰু ‘কণী’।

‘’মাছৰ কাৰণে অসমত বিল-পুখুৰী অজস্ৰ আছে। বিজ্ঞানসন্মত পদ্ধতিৰে মাছৰ উৎপাদন কৰিলে অন্ধ্ৰপ্ৰদেশৰ পৰা অহা চালানী মাছ বন্ধ কৰিব পাৰি,’‘- দত্তই এইদৰে কয়।

অসমত দৈনিক হিচাপত প্ৰয়োজন হয় প্ৰায় ডেৰকোটি কণীৰ। অসমত উৎপাদন হোৱা কণীখিনিয়ে স্বাভাৱিবিকতে এই অভাৱ দূৰ কৰিব নোৱাৰে। এই সন্দৰ্ভত দত্তই কয়, ‘’যদি অসমতেই কণীখিনি উৎপাদন কৰিব পৰা যায়, তেন্তে যুৱকসকল স্বাৱলম্বী হোৱাৰ উপৰিও বাহিৰৰ পৰা অহা কণীৰ ঠাইখিনি থলুৱা কণীয়ে পূৰণ কৰিব পাৰিব।‘’

আনহাতে, গামোচাৰ ক্ষেত্ৰত থলুৱাভাৱে প্ৰস্তুত কৰাৰ বিষয়টোও এই ‘অৰ্থনৈতিক সংগ্ৰামে’ সামৰি লোৱাৰ কথা সদৰী কৰে দত্তই। দত্তই কয়, ‘’মহিলাখিনিক লগত লৈ গামোচা বোঁৱা-কটাৰ কামো ইতিমধ্যে আৰম্ভ কৰা হৈছে।‘’

প্ৰসংগক্ৰমে, উল্লেখ কৰিব পাৰি যে, ইতিমধ্যে এই সংগ্ৰামৰ সৈতে জড়িত হৈ দুলীয়াজানৰ পুতুল সোণোৱালে কঠালগুৰি গাঁৱত পৰীক্ষামূলকভাৱে আৰম্ভ কৰিছে ২৫০০ কুকুৰাৰ এখন ফাৰ্ম। এই ফাৰ্মখনে দুলীয়াজানত দৈনিক হিচাপত প্ৰয়োজন হোৱা ৫০০০-৭০০০ কণীৰ চাহিদা পূৰণ কৰিব বুলি আশা প্ৰকাশ কৰে জীতেন দত্তই। লগতে জাগীৰোডতো সমবায় ভিত্তিত মনহা আঞ্চলিক সমবায় সমিতিয়ে ২৮ বিঘা মাটি লীজত লৈ তামোল, নেমু, অমিতা, ষ্ট্ৰ’বেৰী ইত্যাদি খেতি কৰাৰ লগতে ১৫০ বিঘা মাটিত সৰিয়হ খেতি কৰাৰ উপৰিও মাছ পালনো আৰম্ভ কৰিছে।

ইয়াৰোপৰি, তিনিচুকীয়াৰ চাবুৱাৰ চহিদ বজাৰতো নন্দিনী হেণ্ডলুম চেন্টাৰেও এই সংগ্ৰামৰ অংশীদাৰ হৈ আৰম্ভ কৰিছে পাট, মূগা, টচ,পদ্মিনী আদি বিভিন্ন প্ৰকাৰৰ উন্নত মানদণ্ডৰ চাদৰ মেখেলা তথা গামোচা উৎপাদনৰ কাম।