অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে ঐক্যবদ্ধ জংগী গণতান্ত্ৰিক গণ সংগ্ৰামৰ বিকল্প নাই : জীতেন দত্ত

IMG-20181026-WA0031

শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত বক্তৱ্য ৰখাৰ মুহূৰ্তত আলোচনাপন্থী আলপা নেতা জিতেন দত্ত। ফটো : নৰ্থইষ্ট নাও

‘’জাতি মাটি ভেটিৰ কথা কৈ শাসনত অধিষ্ঠত হোৱা বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক খন সমৰ্থন কৰি অসমীয়া জাতিক চূড়ান্ত বিশ্বাসঘাতকতা কৰিলে। অসমৰ ৰাইজে এই জাতিধ্বংসী বিধেয়ক খনৰ তীব্ৰ বিৰোধিতা কৰিছে। মূখ্যমন্ত্ৰী তথা জাতীয় নায়ক সৰ্বানন্দ সোণোৱালে এই জাতিধ্বংসী বিধেয়কৰ বিৰোধিতা কৰি স্থিতি স্পষ্ট নকৰিলে অসমৰ ৰাইজে সোণোৱালক কেতিয়াও ক্ষমা নকৰে।‘’

শুকুৰবাৰে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত উপস্থিত হৈ আলফা নেতা জীতেন দত্তই সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে।

দত্তই কয়, ‘’অসমীয়া জাতি এতিয়া অস্তিত্বৰ সংকটৰ সন্মুখীন হৈছে। আশীৰ দশকৰ তুলনাত বৰ্তমান অসমীয়া ভাষীৰ সংখ্যা তিনি গুণৰো অধিক হ্ৰাস পাইছে। বাংলাদেশ গঠনৰ পূৰ্বৰে পৰা বৰ্তমানলৈকে অসমত ব্যাপক হাৰত বিদেশীৰ প্ৰব্ৰজন অব্যাহত আছে। এতিয়া হিন্দু বঙালীৰ ৰক্ষক বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি চুবুৰীয়া ৰাষ্ট্ৰসমুহৰ পৰা অহা বিদেশীক স্থায়ীভাৱে অসমতে সংস্থাপন কৰি অসমখন বঙালী ৰাজ্যত পৰিণত কৰিব বিচাৰিছে।‘’

তেওঁ লগতে কয়, ‘’চুবুৰীয়া ৰাষ্ট্ৰ সমুহৰ পৰা অধিক হাৰত বিদেশী প্ৰব্ৰজন হ’লে অসমৰ জনগাঁথনি ব্যাপক পৰিবৰ্তন হ’ব। অসমতেই অসমীয়া জাতি সংখ্যালঘুত পৰিণত হোৱাৰ লগতে অসমীয়া ভাষা, কৃষ্টি-সংস্কৃতি সম্পূৰ্ণ ৰূপে বিলুপ্ত হ’ব।‘’

অসমীয়া জাতিয়ে বহু বিদেশী ল’লে, আৰু এজনো বিদেশীৰ বোজা গ্ৰহণ নকৰে বুলি উল্লেখ কৰি দত্তই কয়, ‘’বিদেশীৰ ৰক্ষক বিজেপি চৰকাৰে যদি অসমীয়া জাতিধ্বংসী অভিযান আৰম্ভ কৰে, তেন্তে অসমীয়া জাতিয়ে আৰু সহ্য নকৰে।‘’

তেওঁ কয়, ‘’চৰকাৰৰ এনে জাতিদ্ৰোহী কাৰ্য্যৰ বাবে আছুৰ নেতাকে ধৰি বহু যুৱক ম্যানমাৰলৈ গৈ হাতত অস্ত্ৰ তুলি পুনৰ স্বাধীন অসমৰ উথাপন কৰিছে।‘’ অসমৰ ওপৰত পূৰ্বৰ দৰে কেন্দ্ৰৰ দমন, শোষণ, নিষ্পেষণ চলি থাকিলে অসম অধিক ৰক্তাক্ত হ’ব বুলি জীতেন দত্তই লগতে উল্লেখ কৰে।

সাংবাদিকৰ সন্মুখত আলোচনাপন্থী আলফা নেতা জনে কয় যে,  চৰকাৰ বহু আহিল বহু গ’ল, সকলোৱে কেৱল ভোট বেংক ৰক্ষাৰ বাবে বিদেশীৰ শৰণাপন্ন হৈ অসমক বিদেশীৰ চৰণীয়া পথাৰত পৰিণত কৰিলে।সেয়ে এতিয়া অসম আৰু অসমীয়া জাতিক কেৱল অসমীয়া জনতাইহে ৰক্ষা কৰিব পাৰিব।

‘’অসমৰ এনে দুৰ্যোগৰ সময়ত অসমৰ সমুহ সংগ্ৰামী ৰাইজ আৰু জাতি-জনগোষ্ঠীয়ে একত্ৰিত ভাৱে ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তুলিব লাগিব। সশস্ত্ৰ পন্থাৰে এনে সমস্যা সমাধান কৰাটো সম্ভৱ নহয়। অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে ঐক্যবদ্ধ আপোচহীন জংগী গণতান্ত্ৰিক সংগ্ৰামৰ বিকল্প নাই। সেয়ে অসমক মনে প্ৰাণে ভালপোৱা প্ৰতিজন অসমীয়াই এতিয়া একত্ৰিতভাৱে এখন শক্তিশালী গণতান্ত্ৰিক গণসংগ্ৰাম গঢ়ি তুলিব লাগিব,’’-জীতেন দত্তই দৃঢ়তাৰে মন্তব্য কৰে।