লালডুহোমা: এসময়ত ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বৰ পৰা এতিয়া মিজোৰামৰ সম্ভাৱ্য মুখ্যমন্ত্ৰীলৈ

Mizoram Lalduhoma

আজি ঘোষিত হৈছে মিজোৰাম বিধানসভা নির্বাচনৰ ফলাফল। চমকপ্ৰদ উত্থান ঘটাই ৰাজ্যখনৰ ক্ষমতা দখল কৰিছে জোৰাম পিপলছ মুভমেণ্টে। মুঠ ৪০খন আসনৰ ভিতৰত জেড পি এমে ২৭খন আসনত বিজয় সাব্যস্ত কৰে।

ইয়াৰ বিপৰীতে ক্ষমতাৰ পৰা বিদায়ী মিজো নেশ্যনেল ফ্ৰণ্টে মাত্ৰ ১০খন আসনহে লাভ কৰে। এই জয়ৰ পিছত মঙলবাৰ বা বুধবাৰে চৰকাৰ গঠনৰ বাবে ৰাজ্যপালক সাক্ষাৎ কৰিব বুলি জানিবলৈ দিছে জেড পি এমৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী লালডুহোমাই।

নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা জেড পি এম-এ স্বতন্ত্ৰভাৱে চৰকাৰ গঠন কৰিব বুলি নিশ্চিত কৰি লালডুহোমাই কোনো এটা ৰাষ্ট্ৰীয় দলৰ সৈতে নিৰ্বাচনোত্তৰ মিত্ৰতা গঢ়ি নোতোলে বুলি ঘোষণা কৰিছে।

ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়া লালডুহোমাই চেৰচিপ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াই ২৯৮২টা ভোটত বিজয় সাব্যস্ত কৰে। ইয়াৰ পিছতে চৰ্চিত হৈ পৰিছে আৰক্ষী বিষয়াৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা লালডুহোমা।

উল্লেখ্য যে, লালডুহোমাই আই পি এছ বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰি গোৱাত কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পিছতে তেওঁ নতুন দিল্লীত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।

ইফালে ৰাজনীতিত প্ৰৱেশ কৰাৰ পিছত ১৯৮৪ চনত তেওঁ কংগ্ৰেছৰ পৰা টিকট লাভ কৰি লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হয় আৰু বিজয় লাভ কৰে। কিন্তু সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে কংগ্ৰেছ দল ত্যাগ কৰে লালডুহোমাই।

ইয়াৰ ফলস্বৰূপে তেওঁক সংসদৰ পৰা অযোগ্য ঘোষণা কৰা হয়। লগে লগে দলত্যাগ বিৰোধী আইনৰ আধাৰত সাংসদ পদ খাৰিজ হোৱা প্ৰথমজন সাংসদ হিচাপে পৰিগণিত হয় লালডুহোমা।

এই অনাকাংক্ষিত ইতিহাসৰ সাক্ষী লালডুহোমাই এতিয়া মিজোৰামৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ সাক্ষী হৈছে।