বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ সমস্যা শীঘ্ৰে সমাধান কৰাৰ দাবী এবছুৰ

বড়ো মাধ্যমৰ পৰা মেট্ৰিক পৰীক্ষাত প্ৰথম দহটা স্থান দখল কৰা ছাত্ৰ-ছাত্ৰীলৈ ‘কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বঁটা’

ABSU Press meet

ফটো : নৰ্থ-ইষ্ট নাও

সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাত বড়ো মাধ্যমৰ বিদ্যালয়সমূহে আশানুৰূপ ফলাফল দেখুৱাব নোৱাৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে। বৃহস্পতিবাৰে কোকৰাঝাৰস্থিত এবছুৰ মুখ্য কাৰ্যালয় বডোফা হাউচত অনুষ্ঠিত এক সংবাদমেলত এবছুৰ শিক্ষা সম্পাদক আৰু সহকাৰী শিক্ষা সম্পাদকে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতীমান সকলক শুভেচ্ছা জ্ঞাপন কৰি বড়ো মাধ্যমৰ পৰা এইবাৰ মাত্ৰ ১২৬৬ গৰাকীহে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰে।

ইয়াৰ প্ৰধান কাৰণ হিচাপে প্ৰাদেশীকৃত বড়ো মাধ্যমৰ বিদ্যালয়সমূহত প্ৰয়োজনীয় শিক্ষক-শিক্ষয়িত্ৰীৰ অভাৱ, বিজ্ঞান, ইংৰাজী,গণিত বিষয়ৰ শিক্ষকৰ অভাৱ, সময়ত পাঠ্যপুথি যোগান নধৰা আৰু বড়ো মাধ্যমৰ উচ্চ মাধ্যমিক বিদ্যালয়সমূহ প্ৰাদেশীকৰণ নোহোৱা আদিয়েই মূল কাৰণ বুলি উল্লেখ কৰি এবছুৱে বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ অভাৱ শীঘ্ৰে পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায়।

ইপিনে সংবাদমেলত এবছুৱে ২০০৬ বৰ্ষক শিক্ষাৰ বৰ্ষ হিচাপে ঘোষণা কৰি শৈক্ষিক দিশৰ প্ৰগতিৰ বাবে বিভিন্ন ধৰণৰ কাম-কাজৰ সৈতে জড়িত হোৱাৰ লগতে ২০০৭ চনৰ পৰা ২০২০ চনলৈ ‘মিশ্যন কোৱালিটি’ ঘোষণা কৰি বৰ্তমানলৈ শিক্ষা তথা ছাত্ৰ-ছাত্ৰীৰ মনোবল বৃদ্ধি কৰাত আত্মনিয়োগ কৰাৰ কথা উল্লেখ কৰে শিক্ষা সম্পাদক কাষ্টম বসুমতাৰীয়ে।

ইয়াৰ উপৰি বড়ো মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত তথা অনুপ্ৰাণিত কৰাৰ লগতে গুণগত শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰতো এবছুৱে গুৰুত্ব আৰোপ কৰিছে। আৰু কয় যে মাতৃভাষা মাধ্যমত অধ্যয়ন কৰি ছেবাৰ দ্বাৰা পৰিচালিত মেট্ৰিক পৰীক্ষাত বড়ো মাধ্যমৰ পৰা প্ৰথম দহটা স্থানপ্ৰাপ্ত কৃতি ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদানৰ দিহাও কৰা হৈছে৷

ছাত্ৰ নেতাদ্বয়ে জানিব দি কয় যে ২০০৬ চনৰ পৰা প্ৰতি বছৰে ৰাজ্যৰ বড়ো মাধ্যমৰ পৰা মেট্ৰিক পৰীক্ষাত প্ৰথম দহটা স্থান দখল কৰা ছাত্ৰ-ছাত্ৰীলৈ ‘কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বঁটা’ প্ৰদান কৰি অহা হৈছে। চলিত বৰ্ষৰ চতুৰ্দশ কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বঁটা প্ৰদান কাৰ্যসূচী অহা ২২ মে’ত ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ বডোফা পথাৰত আয়োজন কৰা হৈছে বুলি প্ৰকাশ কৰে।

বড়ো মাধ্যমৰ পৰা দহটা স্থান প্ৰাপকক মানপত্ৰ, আৰনাই আৰু নগদ ১০ হাজাৰ টকাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব বুলি সদৰি কৰিছে এবছুৰ শিক্ষা সম্পাদক কাষ্টম বসুমতাৰীয়ে।