পেগাছাছৰ ফোন টেপিং: NSO ৰ কাৰ্যালয়ত ইজৰাইল চৰকাৰৰ আচম্বিত তালাচী

peddf

বিশ্বজুৰি জোকাৰণিৰ সৃষ্টি কৰা ইজৰাইলৰ স্পাইৱেৰ পেগাছাছৰ ফোন টেপিং বিতৰ্কৰ মাজতে ইজৰাইলৰ চৰকাৰে এই বিষয়ত অনুসন্ধান কৰিবলৈ টাস্ক ফোৰ্চ গঠন  কৰিছে।

ইয়াৰ পিছতে NSO (Niv, Shalev and Omri, কোম্পানীটোৰ তিনি প্ৰতিষ্ঠাপকৰ নামেৰে ৰখা হৈছে এই নাম) ৰ কাৰ্যালয়ত ইজৰাইলৰ চৰকাৰে শেহতীয়াকৈ তালাচী চলাইছে।

ইজৰাইলৰ প্ৰতিৰক্ষা বিভাগে NSO ৰ কাৰ্যালয়ত তালাচী চলোৱাৰ পিছতে কোম্পানীটোৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে চৰকাৰৰ এনে তালাচীয়ে কোম্পানীটো সন্দৰ্ভত সৃষ্টি হোৱা ভুল ধাৰণা আঁতৰ কৰাত সহায় কৰিব।

কোম্পানীটোৱে যে কোনো জাতিয়াতিৰ আশ্ৰয় লোৱা নাই সেই কথা এই তালাচীতেই প্ৰমাণ হ’ব বুলিও বিষয়াগৰাকীয়ে প্ৰকাশ কৰে।

উল্লেখ্য ইজৰাইলৰ এখন চাইবাৰ ফাৰ্মে যোগান ধৰা স্পাইৱেৰ পেগাছাছৰ জৰিয়তে বিশ্বৰ বিভিন্ন দেশত ফোন টেপিঙৰ অভিযোগ উঠিছে।

কেৱল ভাৰততে ৩০০ ৰো অধিক ফোন টেপ কৰা হৈছিল।অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰো বহু লোকৰ ফোন টেপ কৰাৰ কথা পোহৰলৈ আহিছিল।

ইয়াৰ পৰিপ্ৰেক্ষিততে সমগ্ৰ বিশ্বতে ইজৰাইলক বহুতে সন্দেহৰ দৃষ্টিৰে চাবলৈ লৈছে।

ফ্ৰান্সৰ Le Monde কাকতত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ইজৰাইলৰ প্ৰতিষ্ঠানটোৱে পেগাছাছ স্পাইৱেৰ বিশ্বৰ আন দেশক বিক্ৰী কৰাৰ ক্ষেত্ৰত ইজৰাইলৰ চৰকাৰৰ সৈতে কোনো চুক্তি কৰা নাছিল।

সেই দিশৰ পৰা পেগাছাছ বিতৰ্কৰ সৈতে ইজৰাইলৰ চৰকাৰ পোনপটীয়াকৈ জৰিত নহয়।

চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত ইজৰাইল চৰকাৰৰ সৈতে বিশ্বৰ বহু কেইখন দেশে ইতিমধ্যে চুক্তি কৰি থৈছে বুলিও কাকত খনত প্ৰকাশ পাইছে।

সেইবাবেই পেগাছাছ বিতৰ্কত এতিয়া স্বাভাৱিকতে অস্বস্তিত পৰিছে ইজৰাইলৰ চৰকাৰ।NSO কাৰ্যালয়ত চলোৱা তালাচীত কেনে তথ্য উদ্ধাৰ হ’ল সেই বিষয়ত ইজৰাইলৰ চৰকাৰে এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা নাই।