কাৰ্বি আংলঙৰ অবৈধ কয়লাখনিত এতিয়াও অবৈধ ৰেট হল মাইনিং চলি থকাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
মঙলবাৰে এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানীৰ সময়ত মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে অসন্তুষ্টি প্ৰকাশ কৰি কয় যে পূৰ্বৰ শ্ৰমিক নিহত হোৱাৰ ঘটনাৰ পিছত বাৰে বাৰে সতৰ্ক কৰি দিয়াৰ পিছতো এতিয়া কেনেকৈ খনন চলি থাকিব পাৰে।
শুনানিৰ সময়ত আদালতে চলি থকা গোচৰটো সম্পৰ্কে এতিয়াও শপতনামা দাখিল নকৰাৰ বাবে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰশ্ন কৰে।
ইয়াৰ বিপৰীতে অসম চৰকাৰ আৰু ডিমা হাছাও কৰ্তৃপক্ষই ন্যায়ালয়ত সহাঁৰি দিছে। মহাধিবক্তা দেৱজিৎ লন শইকীয়াই নিশ্চিত কৰিছে যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকা নেতৃত্বাধীন তদন্ত কমিটিক এই ঘটনাৰ তদন্তৰ আৰু দায়ীসকলক চিনাক্ত কৰাৰ দায়িত্ব দিয়া হৈছে।
উল্লেখ্য যে ২০২৫ চনৰ এপ্ৰিল মাহত উমৰাংছ’ৰ কয়লা খনিত শ্ৰমিকৰ মৃত্যু হোৱাৰ পিছত এই গোচৰটো উত্থাপন হৈছিল।
মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে মহাধিবক্তাক কয় যে “এনে খনি চলোৱাসকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিব লাগে আৰু জবাবদিহি হোৱাৰ পৰা হাত সাৰিবলৈ দিব নোৱাৰি।
আদালতে জোৰ দি কয় যে কয়লা খনিৰ শ্ৰমিক সকলক নিয়ন্ত্ৰণহীন, বিপজ্জনক গাঁতলৈ পঠোৱাটো এক গুৰুতৰ অপৰাধ।
যোৱা এপ্ৰিল মাহত ডিমা হাছাওৰ মুখ্য ন্যায়িক দণ্ডাধীশে ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচাৰ পত্নী কনিকা হোজাইৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছিল। তাৰপিছৰে পৰা গোচৰটোৰ তদন্ত কৰি আছে বিশেষ তদন্তকাৰী দলে।আদালতে এই গোচৰৰ শুনানি নবেম্বৰ মাহত গ্ৰহণ কৰিব।