বৰাকতো আৰম্ভ প্ৰতিবাদ, নাগৰিকত্ব বিধেয়কত লাগি চাউল উকলিছে নেকি বিজেপিৰ?

smss hailakandi

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ দেওবাৰৰ প্ৰতিবাদ।

ব্ৰহ্মপুত্ৰ উপত্যকাত অসমৰ খিলঞ্জীয়াৰ সৰ্বাত্মক প্ৰতিৰোধৰ পিছত এইবাৰ বৰাকতো আৰম্ভ হৈছে বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ।

বিধেয়ক বিৰোধিতাৰে ২৩ অক্টোবৰত অসমৰ ৪৬টা সংগঠনে আহ্বান কৰা অসম বন্ধলৈ সমৰ্থন আগবঢ়াই দেওবাৰে হাইলাকান্দি চহৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

বিজেপি উত্থাপিত বিধেয়কখনে বিদেশীক ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ বিপৰীতে প্রকৃত ভাৰতীয়ৰ অস্তিত্ব নোহোৱা কৰাৰ ষড়যন্ত্র কৰিছে। অসম চুক্তিক অপ্ৰাসংগিক কৰি তুলিব খোজা বিধেয়কখনক লৈ বিজেপিৰ বিৰুদ্ধে এই অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছাত্ৰ সংগঠনটোৰ।

ছাত্র মুক্তিৰ হাইলাকান্দি জিলা উপ সভাপতি জহিৰুল ইছলাম মজুমদাৰ, সম্পাদক ফৰিদ উদ্দিন লস্কৰৰ নেতৃত্বত দেওবাৰে আবেলি ৩ বজাত হোৱা প্ৰতিবাদটোত সংগঠনটোৰ কেইবা শও নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

বৰাকবাসীয়ে বিধেয়্কখনক সৰ্বাত্মকভাৱে সমৰ্থন কৰা বুলি চৰ্চিত হৈ আহিলেও, নৰ্থ ইষ্ট নাও-ৰ সৈতে হোৱা কথা-বতৰাত সেই কথা অগ্ৰাহ্য কৰিছিল খিলঞ্জীয়া মঞ্চ, অসমৰ নেতা অনুপ চেতিয়াই।

লগতে পঢ়ক– শিলচৰৰ সভাক লৈ বিজেপি জিলা যুৱ মৰ্চা, হিন্দু বাঙালী সংস্থাৰ হুংকাৰত প্ৰতিক্ৰিয়া অনুপ চেতিয়া, জিতেন দত্তৰ

“আমি জনাত বৰাকৰ সকলো লোক বিধেয়কখনৰ পক্ষত নাই। বৰাকত যিসকলে নিজকে অসমীয়াৰ অংশ হিচাপে ভাবে, তেওঁলোকে অসমত আৰু অনুপ্ৰৱেশকাৰীৰ বোজা ল’বলৈ নিবিচাৰে,” খিলঞ্জীয়া মঞ্চই শিলচৰত অনুষ্ঠিত কৰিব খোজা এখন সভাৰ বিৰুদ্ধে বিজেপিৰ যুৱ মৰ্চাৰ সকীয়নিৰ প্ৰতিক্ৰিয়াৰূপে নৰ্থ ইষ্ট নাও-ত যোৱা ২৫ মে’ত এই মন্তব্য কৰিছিল চেতিয়াই।

বৰাকত বিধেয়কখনৰ সপক্ষে ব্যাপক সমৰ্থন থকা বুলি হোৱা সৰ্বত্ৰ চৰ্চা আৰু তাকে লৈ ৰাজ্যৰ দুই উপত্যকাৰ মাজত অহি-নকুল সম্পৰ্ক সৃষ্টি হোৱাৰ সময়ত দেওবাৰে আৰম্ভ হোৱা প্ৰতিবাদ পট পৰিৱৰ্তনৰ চিন নেকি?