• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আদানিৰ স্বাৰ্থত জলাঞ্জলি জনজাতিৰ ভূমি! ভূমিপুত্ৰৰ প্ৰতিবাদে চকু মেল খুৱাবনে ‘খিলঞ্জীয়া’ চৰকাৰৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2025 2:47 pm
আদানিৰ স্বাৰ্থত জলাঞ্জলি জনজাতিৰ ভূমি! ভূমিপুত্ৰৰ প্ৰতিবাদে চকু মেল খুৱাবনে ‘খিলঞ্জীয়া’ চৰকাৰৰ?
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰ জিলাৰ বাগৰিবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ছখন বড়ো বসতি প্ৰধান গাঁৱত অসম চৰকাৰ আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলে এটা সংৰক্ষিত বনাঞ্চলৰ অংশ ৩৬০০ বিঘা মাটি আদানি গ্ৰুপৰ সৈতে অংশীদাৰিত্বৰে আছাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড (এপিডিচিএল)ক এটা তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে আবণ্টন দিয়াৰ পিছতে ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছে।

পাগলিঝোৰা পি আৰ এফ (প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল)ৰ বাশবাৰীত অৱস্থিত এই প্ৰস্তাৱিত প্ৰকল্পটো সাংবিধানিকভাৱে স্বীকৃতিপ্ৰাপ্ত ষষ্ঠ অনুসূচীৰ জনজাতীয় অঞ্চলৰ ভিতৰত পৰে আৰু ইয়াত ৰূপসী মৌজাৰ অন্তৰ্গত দুকিছুকিঝাৰ দ্বিতীয় আৰু তৃতীয় খণ্ড, পাগলিঝোৰা প্ৰথম আৰু দ্বিতীয় খণ্ড, আৰু মোৱামাৰিঝাৰ আদি গাঁওসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।

২০২৫ চনৰ এপ্ৰিল মাহত এই মাটিৰ ২৮০ হেক্টৰৰ ওপৰৰ বন অধিকাৰক বন অধিকাৰ আইন (এফ আৰ এ), ২০০৬ৰ অধীনত আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হৈছিল আৰু গাঁওসমূহক ৰাজহ গাঁও হিচাপে নিৰ্ধাৰণ কৰা হৈছিল।

ইয়াৰ পিছতো বন শ্ৰেণীবিভাজন আইনগতভাৱে অপৰিৱৰ্তিত হৈ আছে—সেইদৰে বন সংৰক্ষণ আইনখনৰ ধাৰা ২ৰ অধীনত অনুমতি আৰু পৰিৱেশ অনুমোদন বাধ্যতামূলক যদিও সেয়া লাভ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে।

বাশবাৰী ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ উপদেষ্টা দাওৰাও দেখৰেব নাৰ্জাৰীৰ মতে ‘এয়া বন অধিকাৰ আইন আৰু বন সংৰক্ষণ আইন দুয়োটাৰে স্পষ্ট উলংঘা।

তেওঁৰ মতে, থলুৱা বড়ো পৰিয়ালৰ দখলত থকা প্ৰায় ৮০ শতাংশ মাটি গৃহভূমি, কৃষি, আৰু গৰু-ম’হৰ বাবে ব্যৱহাৰ হৈ আছে।  তেওঁ কয়, ‘এই অঞ্চলটো অশ্ৰেণীবদ্ধ নহয় বৰঞ্চ চিঠাৰ ৰেকৰ্ড অনুসৰি ভিটি আৰু চালি শ্ৰেণীৰ ভূমি। তদুপৰি ২০ শতাংশ পৰিৱেশ আৰু স্থানীয় জীৱিকা উভয়ৰে বাবে অতি প্ৰয়োজনীয় শাল গছেৰে ভৰা সংৰক্ষিত অৰণ্য ।’

সন্দেহজনক অনুমোদন প্ৰক্ৰিয়া

এটা ডাঙৰ বিতৰ্কৰ বিষয় হৈছে মহকুমা ভূমি পৰামৰ্শদাতা সমিতিৰ (এছডিএলএচি) অনুমোদনৰ সময়সীমাক লৈ উত্থাপিত প্ৰশ্ন। জনা মতে, আনকি ৪ মে’ত অসম কেবিনেটে আনুষ্ঠানিক সিদ্ধান্ত লোৱাৰ বহু আগতেই  ২০২৫ চনৰ ৯ এপ্ৰিলত এপিডিচিএলক ভূমি আবণ্টনৰ ক্ষেত্ৰত এছডিএলএচিয়ে অনুমোদন জনাইছিল।

স্থানীয় জনজাতীয় নেতা আৰু অধিকাৰ কৰ্মীসকলে অভিযোগ কৰিছে যে এছডিএলএচিৰ বৈঠকত ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰি প্ৰকল্পটোৰ বাবে সুবিধা প্ৰদান কৰা হৈছিল।

সদৌ অসম জনজাতি ছাত্ৰ সন্থাৰ সভাপতি হৰিশ্বৰ ব্ৰহ্মই কয় যে, ‘সঠিক আইনী প্ৰক্ৰিয়া অবিহনে আবণ্টন আৰু ষষ্ঠ অনুসূচীৰ কৰ্তৃপক্ষক বাইপাছ কৰাটো অসাংবিধানিক। ব্ৰহ্মই কয়, ‘বিটিচি ষষ্ঠ অনুসূচীৰ দ্বাৰা পৰিচালিত হয়। এই স্বায়ত্তশাসিত অঞ্চলৰ ভিতৰত ভূমি আবণ্টন দিয়াৰ কোনো অধিকাৰ অসম কেবিনেটৰ নাই।’

শক্তি প্ৰকল্পৰ বাবে আনুষ্ঠানিক হেঁচা

অসমক আঞ্চলিক শক্তি কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে এই প্ৰকল্পটো অসম তাপ শক্তি উৎপাদন প্ৰডাক্ট প্ৰসাৰ নীতি ২০২৫ৰ অংশ বুলি ৰাজ্য চৰকাৰে যুক্তি আগবঢ়ায়। ২০ হাজাৰ কোটি টকাৰ এই প্ৰকল্পটোৱে ১৮০০ মেগাৱাট শক্তি উৎপাদন কৰিব পৰাকৈ ডিজাইন কৰা হৈছে, যাৰ বাবে এপিডিচিএলৰ ২৭ শতাংশ ইকুইটি অংশীদাৰিত্ব থাকিব, আনহাতে বাকী ধনৰাশি আদানী গ্ৰুপে বিনিয়োগ কৰিব।

বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৱে এই পদক্ষেপক সমৰ্থন কৰি কয় যে, “২০৩২ চনৰ ভিতৰত চাহিদা ৫,০০০ মেগাৱাট হ’ব বুলি আশা কৰালৈ চাই এই প্ৰকল্পই হাজাৰ হাজাৰ চাকৰিৰ সৃষ্টি কৰিব আৰু শক্তিৰ স্বাৱলম্বীতা লাভত সহায় কৰিব।”

জীত আদানীৰ ভ্ৰমণে সতৰ্ক কৰি তোলে

এডভান্টেজ আছাম ২.০ শীৰ্ষ সন্মিলনৰ পিছতে ২০২৫ চনৰ মাৰ্চ মাহত জীত আদানীয়ে প্ৰস্তাৱিত স্থান ভ্ৰমণ কৰাৰ পিছতহে স্থানীয় জনসাধাৰণে ভূমি আবণ্টনৰ বিষয়ে সম্পূৰ্ণৰূপে অৱগত হৈছিল। এই ভ্ৰমণৰ লগতে হঠাৎ চৰকাৰী জৰীপৰ কাৰ্যকলাপে গাঁওবাসীৰ মাজত সন্দেহৰ সৃষ্টি কৰিছিল আৰু ক্ষোভৰ সৃষ্টি কৰিছিল।

উচ্ছেদৰ লগে লগে তীব্ৰতৰ প্ৰতিবাদ

বাসস্থান আৰু জীৱিকা হেৰুৱাৰ আশংকাত “অতীজৰে পৰা” তাত বাস কৰি অহা ১৫০টাতকৈও অধিক পৰিয়ালকে ধৰি স্থানীয় বড়ো বাসিন্দাসকলে প্ৰশাসনিক কাৰ্যকলাপ বাধা দিবলৈ ধৰে। ১১ জুনত ক্ৰমাৎ উত্তেজনা বৃদ্ধিৰ মাজতে ৰাজহ বিভাগৰ জৰীপৰ দল এটাই পিছ হুহুকিবলৈ বাধ্য হয়। পিছদিনা আৰক্ষীৰ দ্বাৰা পৰিবেষ্টিত এটা দলে অধিক প্ৰতিৰোধৰ সন্মুখীন হ’বলগীয়া হয়। বড়ো মহিলাসকলে প্ৰতিবাদত আত্মজাহৰ ভাবুকি দিয়ে।

নাৰ্জাৰীয়ে লগতে কয়, ‘চাকৰিৰ প্ৰতিশ্ৰুতি মিছা। ঝাৰখণ্ডৰ গোড্ডাত থকা আদানীৰ থাৰ্মেল প্লাণ্টত মাত্ৰ ৩১৫ জন লোকে কৰ্মসংস্থাপন লাভ কৰিছে। আমাৰ সমগ্ৰ সম্প্ৰদায়ৰ অস্তিত্বক ভুৱা প্ৰতিশ্ৰুতিৰে বিনিময় কৰা হৈছে।

আদানিৰ গোড্ডা তাপ উদ্যোগৰ ওচৰত ঘটাৰ দৰেই পৰিৱেশৰ অৱক্ষয়, কৃষিৰ ক্ষতি আৰু স্বাস্থ্যজনিত বিপদৰ উদ্বেগেও প্ৰতিবাদত ইন্ধন যোগাইছে।

ৰাজ্য চৰকাৰক বিৰোধীৰ তীব্ৰ সমালোচনা

অসম বিধানসভাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই এই পদক্ষেপক তীব্ৰ গৰিহণা দিয়ে। “বিজেপি নেতৃত্বাধীন চৰকাৰে বড়ো জনগোষ্ঠীৰ আধ্যাত্মিক আৰু সাংবিধানিক অধিকাৰ ভৰিৰে গচকিছে। ৰাইজে নিজৰ মাটি ৰক্ষাৰ বাবে পথত শুইছে। এয়া উন্নয়ন নহয়—এয়া হ’ল দখল উচ্ছেদ।”

ছেপ্টেম্বৰ মাহত বিটিচিয়ে নিৰ্বাচনৰ বাবে সাজু হোৱাৰ সময়তে ভূমি সীমা নিৰ্ধাৰণৰ সময় আৰু প্ৰকল্পটোক আগবঢ়াই দিয়াৰ প্ৰচেষ্টাই গুৰুতৰ ৰাজনৈতিক আৰু নৈতিক প্ৰশ্নৰ উত্থাপন কৰিছে।  আবণ্টন আৰু খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ শীঘ্ৰে পুনৰুদ্ধাৰৰ দাবী দিনক দিনে তীব্ৰতৰ হৈছে।

ইপিনে, সততে খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা আওৰাই থকা তথা নিজকে খিলঞ্জীয়াৰ চৰকাৰ বুলি দাবী কৰি অহা অসমৰ বিজেপি চৰকাৰখনে ভূমিপুত্ৰসকলৰ পৰা মাটিৰ অধিকাৰ কাঢ়ি নিব খোজা কথাটোৱে স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বহিৰাগত বনিয়াৰ স্বাৰ্থত খিলঞ্জীয়াৰ মাটি-ভেটিলৈ ভাবুকি অহাটো কোনোপধ্যে মানি ল’ব পৰা নাই জাতীয়তাবাদী সংগঠনসমূহে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

August 20, 2025 7:29 pm
অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

August 20, 2025 7:15 pm
জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

August 20, 2025 5:50 pm
সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা গোচৰ খাৰিজ উচ্চতম ন্যায়ালয়ৰ

August 20, 2025 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

August 20, 2025 7:29 pm
অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

August 20, 2025 7:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd