NORTHEAST NOW (Assamese)

কিহৰ বাবে জ্বলিছে অৰুণাচল প্ৰদেশ, ইটানগৰত প্ৰতিবাদকাৰীৰ তাণ্ডৱ?

February 23, 2019 10:26 am · এন ই নাও নিউজ
Updated: February 23, 2019 4:41 pm

অৰুণাচল প্ৰদেশত বসবাস কৰি থকা দেউৰী আৰু মৰাণ সকলক ৰাজ্যখনৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিয়াৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰাৰ পাছতে জ্বলি উঠিছে অৰুণাচল প্ৰদেশ।বিভিন্ন দল-সংগঠনে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাৱ্যস্ত কৰাৰ লগতে পৰিস্থিতি উত্তপ্ত কৰি তুলিছে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ নামচাই জিলাত অৰুণাচল প্ৰদেশ গঠন হোৱাৰ পূৰ্বৰে পৰা দেউৰী আৰু মৰাণ জনগোষ্ঠীৰ কেইবাহাজাৰ লোক বসবাস কৰি আছিল যদিও অসমৰ পৰা পৃথক হোৱাৰ পাছত উক্ত জনগোষ্ঠী দুটাৰ লোকসকল ৰাজ্যখনৰ ভিতৰত সোমাই পৰিল।

পৰিতাপৰ কথা যে অৰুণাচল প্ৰদেশৰ স্বীকৃতিপ্ৰাপ্ত জনজাতিৰ তালিকাভুক্ত নোহোৱা বাবে জনগোষ্ঠী দুটাই ৰাজ্যখনৰ স্থায়ী বাসিন্দা হিচাপে পৰিগণিত হোৱা নাই। ইয়াৰ ফলত দেউৰী আৰু মৰাণ জনগোষ্ঠী দুটাই অৰুণাচল প্ৰদেশত বহিৰাগতৰ মৰ্যাদাৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে।

ইপিনে যোৱা জানুৱাৰি মাহত অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে জনগোষ্ঠী দুটাক স্থায়ী বাসিন্দাৰ প্ৰমান পত্ৰ প্ৰদান কৰিব বুলি ঘোষণা কৰাত ৰাজ্যখনৰ আন  জনজাতীয় সংগঠন সমূহ জাঙুৰ খাই উঠে ৷ তেওঁলোকৰ মতে, একমাত্ৰ অৰুণাচলী জনজাতিয়েহে অৰুণাচলৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ পাব লাগিব ৷

ফটো : নৰ্থইষ্ট নাও

ইয়াৰ লগে লগে পেমা খাণ্ডু নেতৃত্বাধীন বিজেপি চৰকাৰখনক অৰুণাচলী জনজাতিৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰাৰ অভিযোগ তুলি প্ৰতিবাদ আৰম্ভ হয় ৷ বিৰোধী ৰাজনৈতিক দলেও এই প্ৰতিবাদত চামিল হয়। ৰাজ্য চৰকাৰে অৱশেষত ৰাজ্যখনৰ  বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী নাবাম ৰেবিয়াৰ নেতৃত্বত এখন উচ্চ ক্ষমতা সম্পন্ন কমিটি গঠন কৰি বিষয়টো চালি জাৰি চোৱাৰ দায়িত্ব অৰ্পন কৰে ৷

উক্ত কমিটিয়ে যোৱা সপ্তাহত চৰকাৰক প্ৰতিবেদন দাখিল কৰে আৰু কেবিনেটে সেই প্ৰতিবেদন গ্ৰহণ কৰি বিধান সভাত এখন বিধেয়ক দাখিলৰ প্ৰস্তুতি আৰম্ভ কৰে ৷ ইতিমধ্যে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা অৰুণাচল প্ৰদেশ বিধান সভাৰ বাজেট অধিবেশনতে চৰকাৰে বিধেয়কখন বিধানসভাত উত্থাপন কৰাৰ কথা ৷

ইপিনে, অৰুণাচল আইন ছাত্ৰ সন্থাৰ নেতৃত্বত পোন্ধৰটাতকৈয়ো অধিক সংগঠনে কেপিটেল কমপ্লেক্স বন্ধ কাৰ্যসূচী ৰূপায়ন কৰে।বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীয়ে ইটানগৰকে ধৰি ৰাজ্যখনৰ বিভিন্ন স্থানত হিংসাত্মক ৰূপ লয়। সৰ্বাত্মক বন্ধ পালনৰ লগতে ৰাজপথত বন্ধ সমৰ্থকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। প্ৰতিবাদকাৰীয়ে আনকি বিষয়টোত নৰম স্থিতি গ্ৰহণ কৰা সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ ইটানগৰৰ কাৰ্যালয়তো আক্ৰমণ কৰে।

আনহাতে, বন্ধ কাৰ্যসূচীক অবৈধ বুলি ঘোষণা কৰি প্ৰশাসনে ২৮জন বন্ধ সমৰ্থকক গ্ৰেপ্তাৰ কৰাৰ পাছতে পৰিস্থিতিৰ আৰু অধিক অৱনতি ঘটে। প্ৰতিবাদত নামি পৰা মহিলাকে ধৰি বিভিন্ন প্ৰতিবাদকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। শুকুৰবাৰে সন্ধিয়াৰ পৰা প্ৰতিবাদৰ মাত্ৰা বৃদ্ধি পায়।প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লগতে শূন্যলৈ গুলী চলোৱাৰ ঘটনাও সংঘটিত হয়।

বৰ্তমানলৈ বিধানসভাত বিধেয়কখন উত্থাপন হোৱা নাই আৰু ৰাজ্যখনৰ পৰিস্থিতি এতিয়াও উত্তপ্ত হৈয়েই আছে। তদুপৰি, আইন-শৃংখলা পৰিস্থিতিৰ অধিক অৱনতিৰ আশংকা কৰি প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে।

Related News