শিৱসাগৰত C(A)A বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীৰে অৱস্থান ধৰ্মঘট

Protest at Sivsagar

শিৱসাগৰত প্ৰতিবাদ

আজি শিৱসাগৰত নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত দুঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থা, অসম ছাত্ৰ যুৱ সন্মিলন আৰু সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থাৰ  শতাধিক সদস্যই শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰাৰ লগতে শিৱসাগৰ জিলা উপায়ুক্তৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত  মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰী সকলে ‘বিজেপি গ’বেক’, ‘নৰেন্দ্ৰ মোডী হুচিয়াৰ’,  ‘অমিত শ্বাহ হুচিয়াৰ’, ‘হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ’, ‘গণতন্ত্ৰ হত্যা বন্ধ কৰক’, ‘অসম চৰকাৰ হায় হায়’ আদি শ্লগানেৰে পৰিবেশ উত্তাল  কৰি তোলে।

আনহাতে, অসম ছাত্ৰ যুৱ সন্মিলনৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দেৱাশিষ চাংমাই,  অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক পৰশজ্যোতি দাস আৰু সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি  আৰ্ছাদুৰ ৰহমানে স্বাক্ষৰ কৰা স্মাৰক পত্ৰত সংগঠন কেইটাই   শিৱসাগৰৰ লগতে সমগ্ৰ অসমৰ খিলঞ্জীয়া ৰাইজৰ হৈ অসমীয়াৰ ৰাজনৈতিক তথা আৰ্থ-সামাজিক ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত অতি শীঘ্ৰে চুবুৰীয়া ৰাজ্য মেঘালয় আৰু নাগালেণ্ডৰ দৰে ‘কা’ যাতে অসমতো বাহাল নহয় তাৰ বাবে অসম বিধান সভাৰ মজিয়াত অসম চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰে।

ইয়াৰোপৰি, এই জাতিধ্বংসী আইনৰ বিৰুদ্ধে সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি অহা সংগ্ৰামী নেতা অখিল গগৈকে ধৰি প্ৰতিজন কাৰাবন্দীক বিনা চৰ্তে মুকলি কৰি দিয়াৰো দাবী জনায়।