কংগ্ৰেছ, জাতায়ীতাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আছুৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

20200629_152835

প্ৰতিবাদত উত্তাল হৈ পৰে আজি শিৱসাগৰৰ ৰাজপথত।

কংগ্ৰেছ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আছুৱে মূল্য বৃদ্ধি আৰু বান গৰাখহনীয়াৰ প্ৰতিবাদত আজি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে।

পেট্ৰল ডিজেলকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ৰোধৰ দাবীত আজি শিৱসাগৰত কংগ্ৰেছ দলে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

20200629_152820

শিৱসাগৰ জিলা কংগ্ৰেছ, শিৱসাগৰ নগৰ কংগ্ৰেছ আৰু শিৱসাগৰ ব্লক কংগ্ৰেছৰ বহু নেতা কৰ্মীয়ে সামাজিক দূৰত্ব মানি চলি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

আনহাতে নগৰৰ ষ্টেচন চাৰিআলিত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

বিজেপি গ’ বেক, অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ আদি ধ্বনিৰে ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।

ইপিনে ৰাইজৰ জীৱন আৰু নিৰাপত্তা সুনিশ্চিত কৰাত চৰম ব্যৰ্থ জলসম্পদ বিভাগ। এই অভিযোগ কৰি শিৱসাগৰ জলসম্পদ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই।

সোমবাৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই বান গৰাখহনীয়া ৰোধত চূড়ান্ত ব্যৰ্থ হোৱা জলসম্পদ বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

ছাত্ৰ সন্থাই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ মথাউৰি আৰু শ্লুইচ গেট সমূহৰ ম্যাদ সন্দৰ্ভত এখন উচ্চস্তৰীয় সমিতি গঠনৰো দাবী উত্থাপন কৰে।