ভৱানীপুৰৰ কংগ্ৰেছ শিবিৰত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত : দলত্যাগৰ ভাবুকি কৰ্মীৰ
ভৱানীপুৰত কংগ্ৰেছৰ বিৰুদ্ধে কংগ্ৰেছীৰ প্ৰতিবাদ কৰাৰ বাতৰি আহিছে। জানিব পৰা মতে পঞ্চায়ত নিৰ্বাচনৰ টিকটক কেন্দ্ৰ কৰি প্ৰতিবাদত এইদৰে নামিছে কংগ্ৰেছ কৰ্মীয়ে। ভৱানীপুৰ সমষ্টিৰ অন্তৰগত ১০৯ নং শুকমানাহ গাঁও পঞ্চায়তৰ সভাপতি পদৰ টিকটক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।
জানিব পৰা মতে উক্ত পঞ্চায়তৰ কাজী মুশাহিদুৰ ৰহমানৰ পত্নী আঞ্জুৱাৰা আহমেদে জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰত্যাশী আছিল যদিও টিকট নোপোৱাত তেওঁৰ স্বামী কাজী মুশাহিদক কংগ্ৰেছৰ পৰা উক্ত পঞ্চায়তৰ সভাপতি পদৰ বাবে দলৰ একাংশ নেতাই বৃহৎ পৰিমাণৰ ধনৰ লেনদেনত প্ৰাৰ্থিত্ব দিবলৈ উঠি পৰি লাগিছে বুলি অভিযোগ তুলিছে একাংশ কংগ্ৰেছ কৰ্মীয়ে ।
ফলত আজি শুকমানাহ বজাৰত থকা ভৱানীপুৰ মণ্ডল কংগ্ৰেছৰ অস্হায়ী কাৰ্যলয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীয়ে। আনকি প্ৰতিবাদকাৰীয়ে প্ৰাক্তন মন্ত্রী শুকুৰ আলী আৰু বৰপেটা জিলা কংগ্ৰেছৰ উপসভাপতি আব্দুচ ছামাদ আহমেদৰ প্ৰতিকৃতি দাহ কৰি মণ্ডল কংগ্ৰেছৰ অস্হায়ী কাৰ্যলয়ৰ তলা বন্ধ কৰে। লগতে উপযুক্ত প্ৰাৰ্থীক টিকট প্ৰদান নকৰিলে বিজেপিত যোগদান কৰাৰো হুংকাৰ দিয়ে একাংশ কংগ্ৰেছ কৰ্মীয়ে।