NORTHEAST NOW (Assamese)

সপ্তম দিনত ভৰি দিলে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদে

February 7, 2022 3:09 pm · ৰিদিপ শৰ্মা,কলিয়াবৰ

সপ্তম দিনত ভৰি দিলে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদে।

সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো অব্যাহত আছে অস্থায়ী গ্ৰামোন্নয়ন কৰ্মচাৰীৰ প্ৰতিবাদ। কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত অস্থায়ী কৰ্মচাৰীসকলেও সপ্তম দিনৰ বাবে পালন কৰিছে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী।

ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি ৬০ বছৰলৈ সুনিশ্চিত কৰা, সম কামৰ সম মৰ্যাদা দিয়াৰ লগতে বিভিন্ন দাবীত বিগত ছয় দিনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছতো গা লৰা নাই চৰকাৰৰ।

ফলত অনিৰ্দিষ্ট কাললৈ প্ৰতিবাদ চলাই যোৱাৰ হুংকাৰ দিছে ঠিকাভিত্তিক কৰ্মচাৰী সকলে।

Related News