• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ জন্তু স্থানান্তৰ কৰিলে অসম ৰাজ্যিক চিৰিয়াখানাই; সাৱ্যস্ত প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 9, 2022 4:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম ৰাজ্যিক চিৰিয়াখানাই আকৌ এবাৰ গুজৰাটৰ জামনগৰৰ আম্বানীৰ গ্ৰীণছ জুলজিকেল ৰেচকিউ এণ্ড ৰিহেবিলিটেচন কিংডমলৈ কেইবাটাও জন্তু স্থানান্তৰ কৰিছে। গুৱাহাটীস্থিত বন্যপ্ৰাণী সংগঠন চিৰিয়াখানা সুৰক্ষা মঞ্চৰ মতে, বুধবাৰে নিশা অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই আন জন্তুৰ লগতে নটা প্ৰজাতিৰ বান্দৰ, দুটা গঁড়ৰ পোৱালী আৰু কেইবাটাও আঠ শিঙিয়ী হৰিণ স্থানান্তৰ কৰে।

এই পদক্ষেপে গুৱাহাটীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চিৰিয়াখানা সুৰক্ষা মঞ্চৰ কৰ্মীসকলে অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা আম্বানীৰ মালিকানাধীন এখন ব্যক্তিগত চিৰিয়াখানালৈ জন্তুবোৰ স্থানান্তৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।

লগতে পঢ়ক: আমেৰিকা ভ্ৰমণত সৰ্বাধিক ব্যয় ২৩ কোটি! প্ৰধানমন্ত্ৰী মোডীৰ ৫ বছৰত ৩৬ টা বিদেশ ভ্ৰমণত খৰচ কিমান?

“আমি ৰাজ্যিক চিৰিয়াখানাৰ পৰা দেশৰ আন চিৰিয়াখানালৈ বন্য জন্তু আৰু আনকি বিদেশী প্ৰজাতিৰ স্থানান্তৰৰ বিৰুদ্ধে এক ঘণ্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছো। ২০১৮ চনৰ পৰা আজিলৈকে অসম ৰাজ্যিক চিৰিয়াখানাৰ প্ৰায় ১১০০ টা জন্তু বিনিময়ৰ নামত দেশৰ বিভিন্ন চিৰিয়াখানালৈ স্থানান্তৰিত কৰা হৈছে। এই সময়ছোৱাত আন চিৰিয়াখানাৰ পৰা মাত্ৰ ১৯ টা জন্তু অসম ৰাজ্যিক চিৰিয়াখানালৈ অনা হৈছে,”-মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই এই অভিযোগ কৰে।

বৈশ্যই এটা বিবৃতিত অভিযোগ কৰিছে যে বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত প্ৰতিবাদৰ সময়ত চিৰিয়াখানাৰ কৰ্তৃপক্ষই এগৰাকী মহিলা প্ৰতিবাদকাৰীক “দুৰ্ব্যৱহাৰ” কৰিছিল। মঞ্চই ঘটনাটোক তীব্ৰ গৰিহণা দিছে আৰু চৰকাৰক ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে।

তেওঁ কয়, “এই ঘটনাটো তেতিয়া সংঘটিত হৈছিল যেতিয়া আমি জন্তুবোৰ ৰখা বাহনবোৰৰ এটাৰ পৰা টাৰ্পলিন আঁতৰাবলৈ চেষ্টা কৰিছিলো। আমি এই জঘন্য ঘটনাক গৰিহণা দিছো আৰু ইয়াৰ সৈতে জড়িত বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছো।”

লগতে পঢ়ক: দুৰাৰোগ্য ৰোগত আক্ৰান্ত টাইটানিকৰ গায়িকা চেলিন ডিয়ন; চিৰদিনৰ বাবে হেৰুৱাব পাৰে কণ্ঠ

অসম ৰাজ্যিক চিৰিয়াখানাৰ মাণ্ডলিক বন বিষয়া (ডিএফঅ’) অশ্বিনী কুমাৰে অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰে।

এই সন্দৰ্ভত মঞ্চই শনিবাৰে গুৱাহাটীত নাগৰিকসকলৰ এক সজাগতা সভাৰ আয়োজন কৰিছে।

ইয়াৰ পূৰ্বে ২০ নৱেম্বৰত অসম ৰাজ্যিক চিৰিয়াখানাই গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ বিভিন্ন প্ৰজাতিৰ বান্দৰ আৰু কাছকে ধৰি কেইবাটাও জব্দ কৰা বিদেশী জন্তু স্থানান্তৰ কৰিছিল।

যোৱা মাহত, আম আদমী পাৰ্টিৰ (আপ) অসম যুৱ শাখাই ৰাজ্যখনৰ পৰা গুজৰাটলৈ বন্য জন্তুৰ অবৈধ স্থানান্তৰ বন্ধ কৰিবলৈ হস্তক্ষেপ বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল।

এইটো অভিযোগ কৰা হৈছিল যে অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা ২৫ টা বিদেশী জন্তু গুজৰাটৰ একেখন চিৰিয়াখানালৈ স্থানান্তৰিত কৰা হৈছে।

লগতে পঢ়ক: দুৰ্ভাগ্য! বিপক্ষৰ বেটাৰক পেভিলিয়নমুখী কৰাৰ প্ৰচেষ্টাত চাৰিটা দাঁত হেৰুৱালে শ্ৰীলংকাৰ ক্ৰিকেটাৰে

অসম ৰাজ্যিক চিৰিয়াখানাৰ ডিএফঅ’ অশ্বিনী কুমাৰে কয় যে জন্তুবোৰৰ স্থানান্তৰ কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষৰ (চিজেডএ) পৰা “সঠিক অনুমোদন”ৰ সৈতে কৰা হৈছে। তেওঁ কয় যে আম্বানীৰ মালিকানাধীন চিৰিয়াখানাখন এটা ব্যক্তিগত সংস্থা যদিও ই কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষৰ অধীনত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd