দৰমহাভোগী কৰ্মচাৰীৰ বাবে দু:খৱৰ: ২০১৯-২০ বিত্তীয় বৰ্ষত প্ৰভিডেন্ট ফাণ্ডৰ সুতৰ হাৰ হ্ৰাস

eb2125bc77f8a0ef9970410820cba0f7

ছয় কোটি গ্ৰাহকলৈ দু:খৱৰ কঠিয়াই ২০২০বিত্তীয় বৰ্ষত ইপিএফে সুতৰ হাৰ হ্ৰাস কৰিছে ৮.৫ শতাংশলৈ।

দৰমহাভোগী কৰ্মচাৰীৰ বাবে বেয়া এয়া খৱৰ। কিয়নো ২০২০ বিত্তীয় বৰ্ষত তেওঁলোকৰ প্ৰভিডেন্ট ফাণ্ড (পি এফ)ত জমা কৰা  ধনৰ সুতৰ হাৰ হ্ৰাস কৰা হৈছে।

কৰ্মচাৰীৰ ভৱিষ্য নিধিৰ সংস্থা দ্য চেন্ট্ৰেল বোৰ্ড অফ ট্ৰাষ্টিছ ফৰ এমপ্ল’য়িজ প্ৰভিডেন্ট ফাণ্ড অ’ৰ্গেনাইজেশ্যন (ইপিএফঅ’)ই প্ৰভিডেন্ট ফাণ্ডৰ জমাত প্ৰায় ৬ কোটি গ্ৰাহকৰ বাবে চলিচ বিত্তীয় বৰ্ষত যোৱা পাঁচ বছৰৰ সৰ্বনিম্ন ৮.৫ শতাংশ সুতৰ হাৰত অনুমোদন জনাইছে।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা চেন্ট্ৰেল বোৰ্ড অফ ট্ৰাষ্টিছৰ বৈঠকত ইপিএফঅ’ই কৰ্মচাৰীৰ ভৱিষ্য নিধিৰ জমা ধনত ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে ৮.৫ শতাংশ সুতৰ হাৰ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

কৰ্মচাৰীৰ ভৱিষ্য নিধিৰ জমা ধনত দিয়া এই সুতৰ হাৰ পূৰ্বৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ ৮.৬৫ শতাংশতকৈ নিম্ন হাৰ।

বৈঠকৰ পাছত শ্ৰম মন্ত্ৰ্যালয়ে সদৰী কৰে যে নতুন ইপিএফৰ সুতৰ হাৰ ৮.৬৫ শতাংশৰ বিপৰীতে ৮.৫০ শতাংশ হ’ব।

এতিয়া বিষয়টোত শ্ৰম মন্ত্ৰ্যালয়ে বিত্ত মন্ত্ৰ্যালয়ৰ সন্মতি লোৱা প্ৰয়োজন হ’ব। বিত্ত মন্ত্ৰ্যালয়ে পাব্লিক প্ৰভিডেন্ট ফাণ্ড আৰু প’ষ্ট অফিচ চেভিং আঁচনিৰ দৰে  চৰকাৰৰ দ্বাৰা পৰিচালিত আন ক্ষুদ্ৰ সঞ্চয় আঁচনিসমূহৰ দৰে ইপিএফৰ সুতৰ হাৰ নিৰ্দ্ধাৰণৰ বাবেও পৰোক্ষভাৱে হেচা দিয়ে।

ইপিএফঅ’ই ইয়াৰ গ্ৰাহকক ২০১৬-১৭ বৰ্ষত ৮.৬৫শতাংশ আৰু ২০১৭-২০১৮বৰ্ষত ৮.৫৫ শতাংশ সুতৰ হাৰ আগবঢ়াইছিল। আনহাতে, ২০১৫-১৬ বিত্তীয় বৰ্ষত সুতৰ হাৰ আছিল ৮.৮শতাংশ। সেইদৰে ২০১৩-১৪বিত্তীয় বৰ্ষত ই ৮.৭৫ শতাংশ আৰু তাৰ আগেয়ে ২০১২-১৩ বিত্তীয় বৰ্ষত ৮.৫ শতাংশ সুতৰ হাৰ আগবঢ়াইছিল।