চাকৰি হেৰুৱাৰ পিছত আৰ্থিক আৰু মানসিক সংকটত জৰ্জৰিত এজন আই টি কৰ্মীয়ে বেংক মেনেজাৰৰ ঘৰত ডকাইতিৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে। পুনেত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো ।
জানিব পৰা মতে, অভিযুক্তৰ নাম সাংবৈ কাম সাৰতো, বয়স ৪০ বছৰ, আৰু তেওঁ মণিপুৰৰ বাসিন্দা। তেওঁ কেইবাবছৰ ধৰি পুনেৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীত আই টি কৰ্মী হিচাপে কাম কৰি আছিল। কিন্তু যোৱা বছৰ হঠাৎ চাকৰি হেৰুৱাৰ পিছত তেওঁ দীৰ্ঘদিন ধৰি নিবনুৱা হৈ আছিল। ইয়াৰ উপৰিও তেওঁ ঋণৰ বোজাত জৰ্জৰিত হৈ পৰিছিল, যাৰ ফলত তেওঁ আৰ্থিক আৰু মানসিক সমস্যাত ভুগিছিল। এই সকলোবোৰৰ পৰা মুক্তি পাবলৈ তেওঁ ডকাইতিৰ পথ বাছি লৈছিল।
ঘটনাক্ৰম অনুসৰি ৩১ জুলাইৰ দিনা সাংবৈ ডেলিভাৰী বয়ৰ বেশত বেংক মেনেজাৰৰ ঘৰত প্ৰৱেশ কৰিছিল। মেনেজাৰৰ এজন ল’ৰাই দুৱাৰ খুলি দিয়াৰ পিছত তেওঁ ঘৰৰ ভিতৰত সোমাই যায়। অভিযোগ অনুসৰি, তেওঁ বন্দুক দেখুৱাই ঘৰৰ পৰা টকা আৰু গহনা উলিয়াই আনিবলৈ চেষ্টা কৰিছিল। কিন্তু ঠিক তেতিয়াই মেনেজাৰ আৰু তেওঁৰ আন এজন ল’ৰা তাত উপস্থিত হয়। তেওঁলোকে সাংবৈৰ ওপৰত জপিয়াই পৰে আৰু এটা হাতাহাতিৰ ঘটনা সংঘটিত হয়। অৱশেষত মেনেজাৰ আৰু তেওঁৰ ল’ৰাই সাংবৈৰ পৰা বন্দুক কাঢ়ি লৈ তেওঁক বান্ধি ৰাখে। পিছত তেওঁক আৰক্ষীৰ হাতত গতাই দিয়া হয়।
আৰক্ষী সূত্ৰ মতে প্ৰাথমিক তদন্তত সাংবৈ দীৰ্ঘদিন ধৰি নিবনুৱা হৈ আছিল আৰু ঋণৰ বোজাত জৰ্জৰিত হৈ পৰিছিল। এই পৰিস্থিতিয়ে তেওঁক ধন সংগ্ৰহৰ বাবে ডকাইতিৰ পৰিকল্পনা কৰিবলৈ বাধ্য কৰিছিল। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে আৰ সাংবৈৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জনিবলৈ দিছে।