NORTHEAST NOW (Assamese)

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনেৰ ছাত্ৰৰ স্বাক্ষৰ অভিযানত অনুমতি নিদিলে আৰক্ষীয়ে

December 16, 2019 10:00 am · এন ই নাও নিউজ
নতুন নাগৰিকত্ব আইনৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাৱ্যস্ত।

পুনেত প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ৰূপায়নৰ বিৰুদ্ধে সোমবাৰে একাংশ ছাত্ৰই আৰম্ভ কৰিব বিচৰা স্বাক্ষৰ অভিযানত আৰক্ষীয়ে দেওবাৰে অনুমতি দিবলৈ অস্বীকাৰ কৰে।

তদুপৰি, নতুন আইনখনৰ বিৰুদ্ধে অসমীয়া লোকসকলে শান্তিপূৰ্ণভাৱে কৰিব বিচৰা এক প্ৰতিবাদকো অনুমতি দিবলৈ অস্বীকাৰ কৰে।

ফাৰ্গুছন কলেজৰ এগৰাকী ছাত্ৰই সংবাদ প্ৰতিষ্ঠানৰ আগত প্ৰকাশ কৰে যে একাংশ শিক্ষাৰ্থীয়ে সোমবাৰে এক স্বাক্ষৰ অভিযানৰ বাবে ডেকান জিমখানা আৰক্ষীৰ পৰা অনুমতি বিচাৰিছিল যদিও আইন-শৃংখলাৰ দোহাই দি দেওবাৰে আৰক্ষীয়ে অনুমতি দিবলৈ অস্বীকাৰ কৰে।

চহৰখনত শান্তি-শৃংখলা অটুট ৰখাৰ স্বাৰ্থতে আৰক্ষীয়ে অনুমতি দিবলৈ অস্বীকাৰ কৰা বুলি আৰক্ষীৰ ফালৰ পৰা জানিব দিয়ে।

নতুন সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে। অসম, পশ্চিমবংগ, দিল্লীত প্ৰতিবাদে হিংসাত্মক ৰূপ লয়।

প্ৰতিবাদৰ সময়ছোৱাত সুৰক্ষা বাহিনীৰ গুলীত কেইবাজনো লোক নিহত হৈছে। আনহাতে, প্ৰতিবাদকাৰীয়েও বিভিন্ন স্থানত আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰা, বাহনত অগ্নিসংযোগ কৰা আদি কাৰ্য সংঘটিত কৰিছে।

নতুন নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰথমতে অসমতে প্ৰতিবাদ আৰম্ভ হয় আৰু এই প্ৰতিবাদ ক্ৰমান্বয়ে দেশৰ আন প্ৰান্ততো আৰম্ভ হয়।

Related News