ঘৰ চাফা কৰোতে ৩লাখ টকাৰ সোণৰ অলংকাৰ জাৱৰৰ লগত পেলাই দিলে মহিলাই!

depositphotos

প্ৰতিনিধিত্বমূলক ফটো।

দেৱালীত ঘৰ চাফা কৰিবলৈ গৈ নিজৰ অলংকাৰৰ বেগ জাৱৰৰ সৈতে পেলাই দিলে এগৰাকী মহিলাই। আচৰিত যেন লাগিলেও এনে ঘটনাই ঘটিছে পুনেত।

মহিলাগৰাকীয়ে ভুলতে ৩লাখ টকা মূল্যৰ সোণৰ অলংকাৰ থকা বেগটো জাৱৰৰ সৈতে পেলাই দিয়ে।

অৱশ্যে, অৱশেষত সৌভাগ্যক্ৰমে পৌৰসভাৰ কৰ্মীসকলৰ তৎপৰতাত সেয়া তেওঁ ঘুৰাই পাবলৈ সক্ষম হয়।

ৰেখা চেলুকাৰ নামৰ মহিলাগৰাকীয়ে চহৰখনৰ পিম্পল-সউদাগৰ অঞ্চলত থাকে। দেৱালী উপলক্ষে মহিলাগৰাকীয়ে ঘৰ চাফা কৰিছিল।

তেওঁ আন অলাগতিয়াল সামগ্ৰীৰ সৈতে অলংকাৰ ভৰ্তি সেই বেগটোও পেলাই দিয়ে। ইয়াৰ পাছত আৱৰ্জনা কঢ়িয়াই নিয়া লোকে সেয়া লৈ যায়।

প্ৰায় দুঘন্টামান পাছত মহিলাগৰাকীয়ে তেওঁৰ ভুল বুজিব পাৰি মূৰে-কপালে হাত দিয়ে। পৰিয়ালটোৱে স্থানীয় এগৰাকী সমাজকৰ্মী সঞ্জয় কূটৰ সৈতে যোগাযোগ কৰি বেগটোত এডাল সোণৰ মংগলসূত্ৰৰ লগতে আন অলংকাৰো থকাৰ কথা জনায়।

সঞ্জয়ে পৌৰসভাৰ বিষয়াৰ সৈতে যোগাযোগ কৰি গম পায় যে আৱৰ্জনাৰ গাড়ী গৈ ইতিমধ্যে আৱৰ্জনাস্থলীত সকলো পেলাই দিছে।

তাৰপাছত পৌৰসভাৰ চেনিটেৰী ইন্সপেক্টৰ সুশীল মালাইক বিষয়টো অৱগত কৰাত তেওঁ হেমন্ত লাখান নামৰ এগৰাকী কৰ্মীক বেগটো বিচাৰি উলিওৱাৰ দায়িত্ব দিয়ে। মহিলাগৰাকীৰ পৰিয়ালৰ লোকো গৈ আৱৰ্জনাস্থলীত উপস্থিত হয়।

অৱশেষত হেমন্ত লাখানৰ প্ৰচেষ্টাত বেগটো বিচাৰি পোৱা হয়। ভুলতেই লক্ষাধিক টকাৰ অলংকাৰৰ বেগ পেলাই দি পুনৰ ঘুৰাই পোৱাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰে মহিলাগৰাকীৰ লগতে তেওঁৰ পৰিয়াল।