NORTHEAST NOW (Assamese)

৪ লাখ উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল পাঞ্জাৱৰ আপ বিধায়ক

February 23, 2023 10:59 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 23, 2023 10:35 am

আম আদমি পাৰ্টিৰ বিধায়ক তথা দলটো পাঞ্জাৱৰ নেতা অমিত ৰতন কোটফট্টাক উৎকোচ গ্ৰহণৰ অভিযোগত ভিজিলেন্স ব্যুৰ’ৱে গ্ৰেপ্তাৰ কৰিছে। বৃহস্পতিবাৰে এজন শীৰ্ষ বিষয়াই এই তথ্য সদৰী কৰিছে।

ইয়াৰ কিছুদিন পূৰ্বে পঞ্জাৱ ভিজিলেন্স ব্যুৰোৱে একেটা গোচৰতে বিধায়কগৰাকীৰ ঘনিষ্ঠ সহযোগী ৰছিম গাৰ্গক গ্ৰেপ্তাৰ কৰিছিল। যোৱা সপ্তাহত এজন ব্যক্তিৰ পৰা ৪ লাখ টকাৰ উৎকোচ লৈ থকা অৱস্থাত ৰছিম গাৰ্গক গ্ৰেপ্তাৰ কৰা হৈছিল।

অভিযোগ উঠিছিল যে গ্ৰেপ্তাৰ হোৱা ৰছিম গাৰ্গ পঞ্জাৱৰ বাথিণ্ডা গ্ৰাম্য বিধানসভা সমষ্টিৰ আপৰ বিধায়ক অমিত ৰতন কোটফট্টাৰ পি এ। অৱশ্যে আম আদমি পাৰ্টিৰ বিধায়কগৰাকীয়ে ব্যক্তিজন তেওঁৰ পি এ বুলি নহয় বুলি দাবী কৰিছে।

ব্যুৰ’ৰ এগৰাকী শীৰ্ষ বিষয়াই সংবাদ সংস্থা ‘পিটিআই’ক জনোৱা মতে, কোটফট্টাক গ্ৰেপ্তাৰ কৰা হৈছে। বিষয়াগৰাকীয়ে কয় যে বুধবাৰে সন্ধিয়া ৰাজপুৰাৰ পৰা বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা হয়। তেওঁ কয় যে বৃহস্পতিবাৰে বিধায়ক কোটফাট্টাক জিম্মাত ল’বলৈ আদালতত হাজিৰ কৰোৱা হ’ব।

যোৱা ১৬ ফেব্ৰুৱাৰীত বাথিণ্ডাৰ ঘুড্ডা গাঁৱৰ মুৰব্বীগৰাকীয়ে ২৫ লাখ টকাৰ চৰকাৰী অনুদান মুকলি কৰি দিয়াৰ বিনিময়ত বিধায়কগৰাকীয়ে পাঁচ লাখ টকাৰ উৎকোচ বিচৰা বুলি অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পাছতে ৪ লাখ টকা উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত ব্যুৰ’ৱে ৰছিম গাৰ্গক গ্ৰেপ্তাৰ কৰিছিল৷ উক্ত উৎকোচ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আপৰ বিধায়কগৰাকীকো বুধবাৰে সন্ধিয়া ভিজিলেন্স ব্যুৰ’ৰ এটা দলে গ্ৰেপ্তাৰ কৰে।

অৱশ্যে বিধায়ক কোটফট্টাই গাৰ্গৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাই বুলি বাৰে বাৰে দাবী কৰি আহিছে। বিৰোধী দলসমূহে পাঞ্জাৱৰ আপ চৰকাৰক বদনাম কৰিবলৈ তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে অভিযুক্ত বিধায়ক অমিত ৰতন কোটফট্টাই।

Related News