NORTHEAST NOW (Assamese)

পত্নী আৰু পুত্ৰৰ সৈতে গাড়ীত উদ্ধাৰ ব্যৱসায়ীৰ মৃতদেহ; ৰহস্য উন্মোচনৰ চেষ্টা চলাইছে আৰক্ষীয়ে

June 23, 2025 10:35 am · এন ই নাও নিউজ, নতুন দিল্লী
Updated: June 23, 2025 10:36 am

পঞ্জাৱৰ এজন ব্যৱসায়ীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা ঘটিছে। ব্যৱসায়ীজনৰ লগতে পত্নী আৰু পুত্ৰৰ মৃতদেহো উদ্ধাৰ হৈছে। পঞ্জাৱৰ পাটিয়ালা জিলাৰ এখন গাঁৱৰ সমীপত উদ্ধাৰ হয় তেওঁলোকৰ মৃতদেহ। এই মৃত্যুৰ আঁৰৰ ৰহস্য উন্মোচন কৰিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে।

দেওবাৰে টেপলা বানুৰ গাঁৱৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন টয়োটা ফৰ্চুনাৰ গাড়ীৰ পৰা তিনিওজনৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি জনাইছে অঞ্চলটোৰ আৰক্ষী বিষয়া মনজিৎ সিঙে।

তেওঁ কয়, “প্ৰাথমিক তদন্তৰ পৰা দেখা গৈছে যে ব্যৱসায়ীজনে পত্নী আৰু ১৫ বছৰীয়া পুত্ৰৰ সৈতে আত্মহত্যা কৰিছে। অৱশ্যে আমি সকলো দিশ তদন্ত কৰি আছো। এই কাণ্ড কিয় সংঘটিত হ’ল আমি তদন্ত কৰি আছো।”

আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত ব্যৱসায়ীজনৰ নাম সন্দীপ সিং ৰাজপাল (৪৫)। মোহালীৰ বাসিন্দা ৰাজপালে সম্পত্তি ক্ৰয়-বিক্ৰয় কৰিছিল। যদিও তেওঁৰ মূল ঘৰ ভাটিন্দা থানাৰ শিখৱালা গাঁৱত আছিল, তথাপিও যোৱা ৮ বছৰ ধৰি তেওঁ মোহলীতে বাস কৰিছিল। অৱশ্যে ককায়েক গাঁৱৰ ঘৰত থাকে।

গাড়ীখনৰ পৰা পত্নী মনদ্বীপ কৌৰ (৪২) আৰু পুত্ৰ অভয় সিং (১৫)ৰ মৃতদেহো উদ্ধাৰ হৈছে। তিনিওজনৰে দেহত আছে গুলীৰ আঘাত। গাড়ীৰ ভিতৰতো তেজৰ দাগ পোৱা গৈছে। চালকৰ আসনত আছিল প্ৰপাৰ্টি ডিলাৰৰ মৃতদেহ। পত্নীৰ মৃতদেহটো তাৰ কাষতে আছিল। গাড়ীৰ পিছৰ চিটত উদ্ধাৰ হয় তেওঁলোকৰ পুত্ৰৰ মৃতদেহ।

জানিব পৰা মতে, পথৰ কাষৰ এখন মুকলি পথাৰত গাড়ীখন দেখি স্থানীয় একাংশ বাসিন্দাই সন্দেহ প্ৰকাশ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। ইয়াৰ পিছতে ফৰেনছিক দলৰ সদস্যসহ ৰাজপুৰা আৰক্ষী থানাৰ বিষয়া মঞ্জিত সিং তাত উপস্থিত হয়।

আৰক্ষীয়ে জনোৱা মতে, গাড়ীখনৰ পৰা এটা আগ্নেয়াস্ত্ৰও উদ্ধাৰ কৰা হৈছে। তেওঁলোকৰ মৃত্যুৰ কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব।

যদিও আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তৰ পৰা অনুমান কৰা হৈছে যে সন্দীপে প্ৰথমে পত্নী আৰু পুত্ৰক হত্যা কৰিছিল। ইয়াৰ পিছত তেওঁ আত্মহত্যা কৰে। লগতে জানিব পৰা মতে তেওঁৰ পুত্ৰ মানসিক স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল।

Related News