NORTHEAST NOW (Assamese)

কেৰালাৰ পথেৰেই এইবাৰ পঞ্জাৱ; বিধানসভাত গৃহীত কৰিলে CAAৰ বিৰুদ্ধে প্ৰস্তাৱ

January 17, 2020 4:47 pm · এন ই নাও নিউজ
পঞ্জাৱ বিধানসভাত মুখ্য মন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং। ফটো: টুইটাৰৰ সৌজন্যত

নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিবাদ তথা বিৰোধিতাৰ যেন অৱসান নঘটিবই।

কেৰালাৰ পাছত এইবাৰ পঞ্জাৱতো বিধানসভাত কা’ৰ বিৰুদ্ধে প্ৰস্তাৱ গৃহীত হয়।

পঞ্জাৱ বিধানসভাই শুকুৰবাৰে শাসকীয় কংগ্ৰেছ দলে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে অনা এক প্ৰস্তাৱ গৃহীত কৰে।

বিধানসভাৰ দুদিনীয়া বিশেষ অধিৱেশনৰ দ্বিতীয় দিনা মন্ত্ৰী ব্ৰহম মহিন্দ্ৰই কা’ৰ বিৰুদ্ধে প্ৰস্তাৱটো উত্থাপন কৰিছিল।

প্ৰস্তাৱটোত কোৱা হৈছে যে সংশোধিত নাগৰিকত্ব আইনখনে ভাৰতৰ সংবিধানৰ মূলাধাৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰত আঘাত হানিব বিচাৰিছে।

ইয়াৰ পূৰ্বে তৃণমূল কংগ্ৰেছ নেতৃত্বাধীন পশ্চিমবংগৰ চৰকাৰেও সংশোধিত নাগৰিকত্ব আইনখনৰ বিৰুদ্ধে তেওঁলোকৰ স্থিতি স্পষ্ট কৰি থৈছে।

বিতৰ্কিত সংশোধিত নাগৰিকত্ব আইন যোৱা ১১ ডিচেম্বৰ,২০১৯’ত সংসদত গৃহীত হোৱাৰ প্ৰায় এমাহ পাছত যোৱা ১০ জানুৱাৰিৰ পৰা প্ৰযোজ্য হয়। গৃহ মন্ত্ৰালয়ে গেজেট নটিফিকেশ্যনৰ জৰিয়তে এইটো ইতিমধ্যে ঘোষণা কৰিছে।

অৱশ্যে, দেশজুৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ এতিয়াও অব্যাহত আছে।

Related News