সংঘাতৰ মাজতে পুটিনৰ নতুন ডিক্রী; অধিকৃত ভূখণ্ডৰ পৰা ইউক্ৰেইনীয় নাগৰিকক কৰিব পাৰিব বহিষ্কাৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এক নতুন ডিক্রীত (চৰকাৰী নিৰ্দেশনা) স্বাক্ষৰ কৰিছে। এই নতুন ডিক্রী অনুসৰি ইউক্ৰেইনৰ দখল কৰা ভূখণ্ডত ভাবুকি বুলি গণ্য কৰা যিকোনো নাগৰিকক বহিষ্কাৰ কৰিব পৰা যাব৷

অনলাইনত প্ৰকাশিত এই ডিক্রী অনুসৰি ইউক্ৰেইনৰ পৰা দখল কৰা চাৰিটা অঞ্চল লুহানস্ক, ডনেস্ক, জাপ’ৰিজিয়া আৰু খেৰচনৰ বাসিন্দাসকলে ৰাছিয়াৰ নাগৰিকত্ব গ্ৰহণ নকৰিলে বিদেশী নাগৰিক বুলি গণ্য কৰা হ’ব।

লগতে পঢ়ক: ”এইটোৱেটো হোৱাৰ কথা আছিল”! মোডীয়ে অনা দুটি চিতাৰ মৃত্যুৰ প্ৰসংগত ক’লে দক্ষিণ আফ্ৰিকাই

ৰাছিয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিলে তেওঁলোকক বহিষ্কাৰ কৰা হ’ব। এই ডিক্রী অনুসৰি এই অঞ্চলসমূহত বসবাস কৰা একাংশ লোকে ৰাছিয়ান ফেডাৰেচনৰ বিৰুদ্ধে কাম কৰি আছে৷ তেওঁলোকে ‘সন্ত্রাসবাদী আক্রমণ’ৰ পৰিকল্পনা কৰিছে অথবা এনেধৰণৰ কাম-কাজৰ সমৰ্থনত বিত্তীয় সাহায্য আগবঢ়াইছে৷

আনহাতে, ৰাছিয়াই বৃহস্পতিবাৰে নিশা ইউক্ৰেইনৰ ৰাজধানী কিয়েভকে ধৰি দেশৰ বিভিন্ন চহৰত ব্যাপক ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়। কিয়েভৰ সামৰিক প্ৰশাসনৰ মুৰব্বীয়ে জনোৱা মতে, ৫০ দিনৰ পাছত ইউক্ৰেইনৰ ৰাজধানীত ৰাছিয়াৰ এইটোৱেই প্ৰথম ক্ষেপণাস্ত্ৰৰ আক্ৰমণ। ইয়াত কমেও ২১ জন লোকৰ মৃত্যু হয়।

লগতে পঢ়ক: অৱশেষত ন্যায়! যৌন নিৰ্যাতনৰ অভিযোগত বিজেপি সাংসদৰ বিৰুদ্ধে FIR দিল্লী আৰক্ষীৰ

ইপিনেস, ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী অলেক্সি ৰেজনিকোভে কয় যে ইউক্ৰেইনৰ সেনাই ৰাছিয়াৰ সেনাৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ চলাবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ‘আমি সৃষ্টিকৰ্তাৰ ইচ্ছা, বতৰ আৰু কমাণ্ডাৰসকলৰ সিদ্ধান্ত অনুসৰি এয়া কৰিম’।