Russia: দেশত হ্ৰাস পাইছে জনসংখ্যা; ১০ টি শিশু জন্ম দিয়া মহিলাসকলক ধনেৰে পুৰস্কৃত কৰিব পুটিনে

Putin will give cash to women who bear 10 Kids ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বৰ্তমান দেশৰ জনসংখ্যা সংকট দূৰ কৰাত গুৰুত্ব আৰোপ কৰিছে। কোভিড-১৯ মহামাৰী আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত ৰাছিয়াত জনসংখ্যাৰ সংকটে দেখা দিছে। পুটিনে দেশৰ মহিলাসকলক সেই সংকটৰ পৰা ওলাই আহিবলৈ ১০ বা ততোধিক সন্তান জন্ম দিবলৈ আহ্বান জনাইছে।

আনহাতে, পুটিনে মহিলাসকলক সেই কামৰ বাবে ধন পৰিশোধ কৰাৰো প্ৰস্তাৱ দিছে। দহটা কেঁচুৱা জন্ম দিবলৈ তথা সিঁহতক জীয়াই ৰখাৰ বাবে মহিলাসকলক ১৩,৫০০ পাউণ্ড পৰিশোধ কৰাৰ পদক্ষেপক বিশেষজ্ঞসকলে সংকটটো দূৰ কৰাৰ এক সৰ্বাত্মক প্ৰয়াস বুলি বৰ্ণনা কৰিছে।

লগতে পঢ়ক: Explosion hits Kabul mosque নামাজৰ সময়তে আফগানিস্তানৰ মছজিদত বোমা বিস্ফোৰণ, ২১ জনৰ মৃত্যু, বহু লোক আহত

ৰাছিয়াৰ ৰাজনীতি আৰু নিৰাপত্তা বিশেষজ্ঞ ড০ জেনি মেথাৰ্ছে মাদাৰ হিৰোইন নামেৰে পৰিচিত নতুন ৰাছিয়ান পুৰস্কাৰ প্ৰকল্পৰ বিষয়ে কয় যে হ্ৰাস পোৱা জনসংখ্যা বৃদ্ধিৰ বাবে পুটিনে ইয়াৰ ঘোষণা কৰিছে।

ৰাছিয়াত চলিত বছৰৰ মাৰ্চৰ পৰা দৈনিক কৰোনা ভাইৰাছৰ সৰ্বাধিক ঘটনা ধৰা পৰিছে। তাৰপিছতে জনসংখ্যা হ্ৰাসৰ ঘটনা ঘটিছে। তদুপৰি, ইউক্ৰেইনৰ সৈতে হোৱা যুদ্ধত প্ৰায় ৫০,০০০ সৈন্য নিহত হৈছে। ড০ মেথাৰ্ছে কয় যে পুটিনে দীৰ্ঘদিন ধৰি কৈ আহিছে যে যিসকলৰ ডাঙৰ পৰিয়াল তেওঁলোক অধিক দেশপ্ৰেমী।

লগতে পঢ়ক: BJP leader’s rape case বিজেপি নেতা শ্বাহনাৱাজ হুছেইনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

তেওঁ কয়, “দহ বা ততোধিক সন্তান থকা মহিলাক ছোভিয়েট যুগৰ এই পুৰস্কাৰত মাদাৰ হিৰোইন বুলি কোৱা হৈছে। ইউক্ৰেইনৰ যুদ্ধৰ ফলত গভীৰ হৈ পৰা ৰাছিয়াৰ জনগাঁথনিগত সংকটৰ পৰা পুনৰুদ্ধাৰৰ এইটো এক প্ৰয়াস।”

নিৰ্দেশনা অনুসৰি, মহিলাসকলে তেওঁলোকৰ দশম সন্তানৰ প্ৰথম জন্মদিনত উপনীত হোৱাৰ পিছত ১ নিযুত ৰুবল অৰ্থাৎ প্ৰায় ১৩,৫০০ পাউণ্ড এককালীন ধন লাভ কৰিব। কিন্তু চৰ্তটো হৈছে যে তেওঁৰ বাকী নটা সন্তান তেতিয়াও জীৱিত থকিব লাগিব।

ডাঃ মেথাৰ্ছে কয়, “এইটো বাস্তৱ। এইটো এটা সৰ্বাত্মক প্ৰয়াস। ইয়াৰ অৰ্থ ৰাছিয়াই জনসংখ্যাৰ সমস্যাৰ সন্মুখীন হৈছে। ১৯৯০ ৰ দশকৰ পৰা ৰাছিয়াই প্ৰায়ে  দেশখনত জনসংখ্যা বৃদ্ধি কৰিবলৈ চেষ্টা চলাই আহিছে।”

লগতে পঢ়ক: সন্ত্ৰাসবাদী কূটাঘাতৰ যো-জা! মহাৰাষ্ট্ৰৰ উপকূলত উদ্ধাৰ মাৰণাস্ত্ৰ ভৰ্তি নাও

তেওঁ লগতে কয়,”ইউক্ৰেইনৰ যুদ্ধৰ উপৰিও কোভিড-১৯ মহামাৰীয়ে ৰাছিয়াৰ জনসংখ্যা সঁচাকৈয়ে যথেষ্ট হ্ৰাস কৰিছে। সেয়েহে, এইটো স্পষ্টভাৱে ৰাছিয়াৰ মহিলাসকলক অধিক সন্তান জন্ম দিবলৈ আৰু ডাঙৰ পৰিয়াল সৃষ্টিৰ বাবে উৎসাহিত কৰাৰ এক প্ৰয়াস।‘’