• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সকাহ! ভাৰতৰ আবেদন গ্ৰহণ কৰিলে কাটাৰে; এতিয়াই নহয় ৮ জন প্ৰাক্তন নৌসেনা বিষয়াৰ মৃত্যুদণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2023 1:38 pm
471
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ অনুৰোধ কাটাৰে মানি ল’লে। ২৬ অক্টোবৰত ভাৰতীয় নৌসেনাৰ প্ৰাক্তন ৮জন বিষয়াক কাটাৰৰ প্ৰথম পৰ্যায়ৰ আদালতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। ভাৰত চৰকাৰে এই নিৰ্দেশৰ বিৰুদ্ধে আৱেদন কৰিব বুলি জানিবলৈ দিছিল। বৃহস্পতিবাৰে কাটাৰৰ আদালতে ভাৰত চৰকাৰৰ আবেদন গ্ৰহণ কৰিছে। ফলত অভিযুক্ত ৮ জন প্ৰাক্তন নৌসেনাৰ বিষয়াৰ মৃত্যুদণ্ড এতিয়াই কাৰ্যকৰী নহয়। এই গোচৰৰ ৰায় ঘোষণা কৰাৰ পূৰ্বে কাটাৰৰ আদালতে ভাৰতৰ আবেদন বিবেচনা কৰিব। এই গোচৰৰ পৰৱৰ্তী শুনানি শীঘ্ৰে অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

যোৱা বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কৈছিল যে ভাৰত চৰকাৰে প্ৰাক্তন নৌসেনাৰ আঠজন বিষয়াৰ পৰিয়ালৰ সৈতে যোগাযোগত আছে। তেওঁ লগতে জনাইছিল যে ভাৰত চৰকাৰে সেই বিষয়াসকলৰ মৃত্যুদণ্ড বাতিল কৰিবলৈ কাটাৰক আবেদন জনাইছে।

লগতে পঢ়কঃ হোটেললৈ মাতি আনি উদ্দাম যৌনতা ৰক ষ্টাৰৰ! ধৰ্ষণৰ অভিযোগ তাৰকা মডেলৰ

সূত্ৰ অনুসৰি কাটাৰৰ আদালতে সেই আবেদন কেইদিনমান পিছত মানি লৈছে। বৃহস্পতিবাৰে এই গোচৰৰ প্ৰথম শুনানি অনুষ্ঠিত হৈছিল। শুনানিৰ সময়ত আদালতে আনুষ্ঠানিকভাৱে আবেদনৰ নথি গ্ৰহণ কৰে। ভাৰত চৰকাৰৰ তত্বাৱধানত নৌসেনাৰ প্ৰাক্তন বিষয়াসকলে নিযুক্তি দিয়া এগৰাকী অধিবক্তাই এই আবেদনৰ নথি প্ৰস্তুত কৰিছিল।

এই আঠজন প্ৰাক্তন নৌসেনাৰ বিষয়াই ‘দহৰা গ্ল’বেল টেকন’লজিছ এণ্ড কনছালটেন্সি চাৰ্ভিচেছ’ নামৰ কাটাৰৰ এটা কোম্পানীত কাম কৰি আছিল। এই সংস্থাৰ বাবে তেওঁলোকে মূলতঃ কাটাৰ সেনাৰ সদস্যসকলক সামৰিক প্ৰশিক্ষণ প্ৰদান কৰিছিল। ২০২২ চনৰ আগষ্ট মাহত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল। তেতিয়াৰ পৰাই তেওঁলোক কাটাৰৰ কাৰাগাৰত বন্দী হৈ আছে।

ভাৰতীয় উচ্চায়ুক্তগৰাকীয়ে মৃত্যুদণ্ডৰ ৰায় দিয়াৰ পৰ্বে আৰু পিছত কাৰাবন্দী প্ৰাক্তন নৌসেনাৰ বিষয়াসকলক কনছুলাৰৰ প্ৰৱেশৰ সুবিধা লৈ দুবাৰকৈ সাক্ষাৎ কৰে। কাটাৰ কৰ্তৃপক্ষই তেওঁলোকক কি অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু পিছত মৃত্যুদণ্ড দিয়া হৈছিল সেই বিষয়ে সঠিকভাৱে কোৱা নাই। আনকি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও এই বিষয়ে একো নাজানে বুলি কৈছে।

লগতে পঢ়কঃ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ ভুৱা ভিডিঅ’ শ্বেয়াৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অৱশ্যে সূত্ৰ অনুসৰি তেওঁলোকৰ বিৰুদ্ধে ইজৰাইলৰ হৈ কাটাৰৰ সেনা বাহিনীত চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ উত্থাপন হৈছে। দহৰা গ্ল’বেলৰ স্বত্বাধিকাৰীকো একে অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

Recent News

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd