জীৱন যুদ্ধত হাৰ মানিলে ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথে, ৯৬ বছৰ বয়সত মৃত্যু

অৱশেষত জীৱন যুদ্ধত হাৰ মানিলে ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথে। ৰাণী দ্বিতীয় এলিজাবেথৰ ৯৬ বছৰ বয়সত মৃত্যু হৈছে। বৃহস্পতিবাৰে স্কটলেণ্ডৰ বালম’ৰেল কেচেলত তেওঁৰ মৃত্যু হয়।

তেওঁ ব্ৰিটেইনৰ ইতিহাসত সিংহাসনত আটাইতকৈ দীঘলীয়া সময়ৰ বাবে অধিস্থিত হৈ থকা ৰাণী হিচাবে অভিলেখ গঢ়িছে। । তেওঁৰ মৃত্যুৰ লগে লগে এটা ব্ৰিটেইনৰ ৰাজপৰিয়ালৰ এটা যুগৰ সমাপ্তি ঘটিল। ৰাণীৰ অসুস্থতাৰ খবৰ পোৱাৰ পিছত ৰাজপৰিয়ালৰ সদস্যসকলে বৃহস্পতিবাৰে স্কটলেণ্ডত উপস্থিত হয়। ৰাজকুমাৰ চাৰ্লছ আৰু তেওঁৰ পত্নী কেমিলা, ৰাণীৰ জীয়ৰী এনি, এলিজাবেথৰ কাষত উপস্থিত আছিল। দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ খবৰ পোৱাৰ পিছত প্ৰিন্স হেৰী আৰু মেঘান স্কটলেণ্ডত উপস্থিত হয়। যোৱা দুদিন ধৰি, চিকিৎসকসকলে ৰাণীৰ শাৰীৰিক অৱস্থাৰ বিষয়ে চিন্তিত হৈ আছিল। কিন্তু দেশৰ লোকসকলক শান্ত ৰাখিবলৈ, ৰাজপৰিয়াল এইটো বাৰে বাৰে কৈ আহিছিল যে ৰাণী ভালে আছে। 

দ্বিতীয় এলিজাবেথ কিছু দিন ধৰি অসুস্থ আছিল। তেওঁক তেওঁৰ ৰাজকীয় কৰ্তব্যৰ পৰা সকাহ দিবলৈ কেইদিনমান আগতে বাকিংহাম পেলেচৰ পৰা স্থানান্তৰিত কৰা হৈছিল। তেওঁক স্কটলেণ্ডৰ বালম’ৰেল কেচেলত প্ৰিন্স উইলিয়ামৰ সৈতে ৰখা হৈছিল। তাৰ পৰা, তেওঁ সকলো কাৰ্যকলাপ পৰিচালনা কৰি আছিল। ব্ৰিটেইনৰ পৰম্পৰা ভংগ কৰি ৰাণীয়ে সৌসিদিনা দেশখনৰ নতুন প্ৰধানমন্ত্ৰীক বাকিংহাম পেলেচৰ বাহিৰৰ পৰা নিযুক্তি দিছিল। ৰাণীৰ শাৰীৰিক অৱস্থাৰ হঠাৎ অৱনতি হোৱাৰ বাবে নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান স্থগিত ৰখা হৈছিল।

একে সময়তে, প্ৰিভি কাউন্সিলৰ বৈঠকও স্থগিত ৰখা হৈছিল। দ্বিতীয় এলিজাবেথক ১৯৫৩ চনত ২৫ বছৰ বয়সত ব্ৰিটেইনৰ ৰাণীৰ মুকুট পিন্ধোৱা হৈছিল। ৰাজপৰিয়ালৰ প্ৰত্যক্ষ উত্তৰাধিকাৰী হোৱাৰ বাবেতেওঁক ৰাণীৰ মুকুটপিন্ধোৱা হৈছিল। তেওঁৰ মৃত্যুৱে ব্ৰিটেইনলৈ শোকৰ ছাঁ পেলাইছে।