ৰাভা হাছং জইণ্ট মুভমেণ্ট কমিটিৰ দখলত ৰাভা হাছং স্বায়ত্ত পৰিষদ

Rabha-Hasong-Autonomous-Council

প্রতিনিধিত্বমূলক চিত্র

অলপতে অনুষ্ঠিত হৈ যোৱা ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনৰ আজি ঘোষিত ফলাফল অনুসৰি গোৱালপাৰা জিলাৰ ২০খন আসনৰ ১৮খন আসনতেই ৰাভা হাছং জইণ্ট মুভমেণ্ট কমিটিয়ে বিজয় সাব্যস্ত কৰে। ইয়াৰ বিপৰীতে মাত্ৰ এখন এখন আসনতেই সীমাবদ্ধ থাকে কংগ্ৰেছ আৰু বিজেপি।

জিলাখনত ৰাভা হাছং জইণ্ট মুভমেণ্ট কমিটিয়ে অভূতপূৰ্ব সফলতা লাভ কৰাৰ পিছতেই দলটোৰ সমৰ্থকসকলে দুধনৈ চহৰত উপস্থিত হৈ ব্যাপক ৰূপত বিজয় উৎসৱ পালন কৰে।

দলটোৰ এই সফলতাত উৎফুল্লিত হৈ টংকেশ্বৰ ৰাভাই কয়, ‘জনসাধাৰণে আমাক একপক্ষীয়ভাৱে বিজয় সাব্যস্ত কৰোৱাত আমি সুখী। তাৰোপৰি দ্বিতীয়বাৰৰ বাবে ৰাইজৰ সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰিছো সেয়াও আমাৰ বাবে অত্যন্ত সুখৰ কথা’।

জিলাখনত ৰাভা হাছং জইণ্ট মুভমেণ্ট কমিটিয়ে বিজয় সাব্যস্ত কৰা সমষ্টি কেইটা হ’ল ধূপধৰা, ধনুভঙা, ৰংজুলি, কুঁচধোৱা-দৰংগিৰি, উত্তৰ দুধনৈ, দক্ষিণ দুধনৈ, বান্দৰচি, মজ্জাখিলি, শালপাৰ, হাব্ৰাঘাট, দিৰমাজাখিলি, পূব আজাগৰ, জিনাৰি, দৰ্কা, বৰদোমাল-কল্যাণপুৰ, দোদান আৰু জয়ৰামকুছি।

আনহাতে কথাকুথি সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী মাইজনী ৰাভা আৰু আগিয়া সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰে।

উল্লেখ্য যে এইবাৰৰ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনৰ মূল যুঁজখন কংগ্ৰেছ আৰু ৰাভা হাছং জইণ্ট মুভমেণ্ট কমিটিৰ মাজতে হোৱা দেখা গৈছিল। পৰিষদৰ আটাইকেইটা সমষ্টিতে নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰোৱাইছিল কংগ্ৰেছে।

উল্লেখ্য যে যোৱা ২১ জানুৱাৰিত কামৰূপ(গ্ৰাম্য)ৰ ১৬টা আৰু গোৱালপাৰা জিলাৰ ২০টা সমষ্টিক সামৰি মুঠ ৩৬টা সমষ্টিৰ বাবে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল।