NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ বাবে ৰাফেল যুদ্ধ বিমান যোগানত বিলম্ব

April 15, 2020 10:36 am · এন ই নাও নিউজ
ৰাফেল যুদ্ধবিমান উৰণৰ সময়ত ৰাজনাথ সিং

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাফেল যুদ্ধ বিমানৰ যোগানত পলম হ’ব।

ৰাফেল যুদ্ধবিমানৰ প্ৰথম চাৰিখন যুদ্ধবিমান মে’ত ভাৰত আহি পোৱাৰ কথা আছিল।

কিন্তু এতিয়া জুলাই মাহ মানলৈহে এই চাৰিখন যুদ্ধ বিমান ভাৰতে লাভ কৰাৰ সম্ভাৱনা আছে।

জানিব পৰা মতে, ফ্ৰাঞ্চৰ ৰাফেল যুদ্ধ বিমান প্ৰস্তুত কৰা প্ৰতিষ্ঠান ডেচল্ট এভিয়েশ্যনৰ প্ৰকল্পও ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বাৰা প্ৰভাৱিত হৈছে।

ৰাফেল যুদ্ধবিমানত ভাৰতীয় পাইলট সকলৰ প্ৰশিক্ষণো বৰ্তমান সময়ত সীমাবদ্ধ কৰি ৰখা হৈছে।

কোভিদ-১৯ প্ৰট’কল অনুসৰি এই যুদ্ধবিমানৰ প্ৰশিক্ষণ অব্যাহত থাকিব বুলিও জানিব পৰা গৈছে।

বিগত বৰ্ষৰ অক্টোবৰ মাহতে ফ্ৰাঞ্চে ভাৰতৰ হাতত আনুষ্ঠানিকভাৱে ৰাফেল যুদ্ধবিমান অৰ্পন কৰিছিল।

ক’ৰ’নাৰ সংক্ৰমণৰ বাবে বৰ্তমান সকলো ধৰণৰ চুক্তি পিছুৱাই যায়।

প্ৰতিবছৰে ১১ খনকৈ যুদ্ধবিমান দিয়াৰ চুক্তিৰে ভাৰতে ফ্ৰাঞ্চৰ সৈতে ৩৬ খন ৰাফেল যুদ্ধ বিমানৰ চুক্তি স্বাক্ষৰ কৰিছিল।

উল্লেখযোগ্য যে, ভাৰতৰ লগতে ফ্ৰাঞ্চতো ক’ৰ’না ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰিছে।

Related News