কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে (৩০ জুন) দুপৰীয়াৰ ভাগত মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকেক সাক্ষাৎ কৰে। ইম্ফলৰ ৰাজভৱনত ৰাহুল গান্ধীয়ে মণিপুৰৰ ৰাজ্যপাল অনুসুইয়া উইকেক সাক্ষাৎ কৰে।
বৈঠকৰ সময়ত ৰাহুল গান্ধীয়ে মণিপুৰৰ সাম্প্ৰতিক নিৰাপত্তা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে।
সংবাদ মাধ্যমৰ আগত বক্তব্য আগবঢ়াই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মণিপুৰত শান্তিৰ বাবে আহ্বান জনায়।
লগতে পঢ়ক: হিংসা থমা নাই মণিপুৰত; আজি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ সম্ভাৱনা বীৰেণ সিঙৰ
‘হিংসাই একো ভাল নকৰে। এতিয়া সময় আহি পৰিছে যে মণিপুৰত শান্তি বিয়পিব লাগে আৰু প্ৰত্যেকেই এই দিশত কাম কৰিব লাগে।’- ৰাহুল গান্ধীয়ে কয়।
উল্লেখ্য যে ৰাহুল গান্ধী হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰলৈ দুদিনীয়া ভ্ৰমণত আছে।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰাজ্যখনৰ হিংসাত্মক ঘটনাত আক্ৰান্ত লোকসকলক সাক্ষাৎ কৰিবলৈ শুকুৰবাৰে (৩০ জুন) পুৱা মণিপুৰৰ মৈৰাঙত উপস্থিত হয়।
বৃহস্পতিবাৰে গান্ধীয়ে হেলিকপ্টাৰেৰে তাত উপস্থিত হোৱাৰ পিছত চুৰাচান্দপুৰত জনগোষ্ঠীয় হিংসাৰ ফলত গৃহহীন হোৱা লোকসকলক সাক্ষাৎ কৰে।
লগতে পঢ়ক: মাজ নিশা পুনৰ উত্তপ্ত ইম্ফল! প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱা গেছ নিক্ষেপ সেনাৰ
হিংসাত্মক পৰিস্থিতিৰ আশংকাত মণিপুৰ আৰক্ষীয়ে মাজ বাটতে তেওঁৰ বাহনৰ কনভয়টো ৰখাই দিয়াৰ পিছতে ৰাহুল গান্ধীয়ে হেলিকপ্টাৰ লৈ যাবলগীয়া হয়।
ৰাহুলে এটা সাহায্য শিবিৰলৈ গৈ লোকসকলৰ সৈতে মত বিনিময় কৰে।