NORTHEAST NOW (Assamese)

বিজেপি সাংসদক গতিয়াই আঘাত কৰাৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : আহত সাংসদৰ খবৰ ল’লে নৰেন্দ্ৰ মোদীয়ে

December 19, 2024 3:23 pm ·
Updated: December 19, 2024 3:24 pm

আজি সংসদ ভৱনৰ বাহিৰত ৰাহুল গান্ধীৰ থেলাত আহত হয় দুই বিজেপি সাংসদ।  এই অভিযোগত বিৰোধী দলৰ নেতাজনৰ বিৰুদ্ধে বিজেপিয়ে এফআইআৰ দাখিল কৰে।

অনুৰাগ ঠাকুৰৰ সৈতে বিজেপিৰ ৩জন সাংসদে সংগসাদ মাৰ্গ থানাত ৰাহুলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহত বিজেপি সাংসদ দুজনৰ সৈতে ফোনযোগে কথা পাতি খবৰ লয়। মোদীয়ে তেওঁলোকৰ শাৰীৰিক অৱস্থাৰ বুজ লয়।

বৃহস্পতিবাৰে পুৱা সংসদ চৌহদত কংগ্ৰেছ আৰু বিজেপিৰ সাংসদসকলৰ মাজত হতাহতিৰ সৃষ্টি হয়। এই হতাহতিত উৰিষ্যাৰ সাংসদ প্ৰতাপ শাৰংগীৰ মূৰ ফাটি যায়। লগতে উত্তৰ প্ৰদেশৰ সাংসদ মুকেশ ৰাজপুতও গুৰুতৰভাৱে আহত হয়। বিৰোধী নেতা ৰাহুল গান্ধীয়ে এই দুয়োজন সাংসদক গতিয়াই জখম কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিজেপিৰ নেতাসকলে।

Related News