মেচ ফিক্সিং হ’ব, নিৰ্বাচনৰ বাবে আম্পায়াৰ ঠিক কৰি ৰাখিছে মোদীয়ে! আক্ৰমণ ৰাহুলৰ

১৮০খন আসন লাভ কৰাৰ ক্ষমতা নাই বিজেপিৰ। মেনিপুলেচনেৰে ৪০০ আসন পাৰ কৰিব বিচাৰে! দেওবাৰে দিল্লীৰ ৰামলীলা ময়দানৰ পৰা ৰাহুল গান্ধীয়ে গেৰুৱা শিবিৰৰ ওপৰত এইদৰে আক্ৰমণ চলায়। তেওঁ উদাত্ত কণ্ঠে দাবী কৰে যে সকলো ফিক্সিং হৈ আছে, সেইবাবেই বিজেপিয়ে ‘৪০০ আসন পাৰ’ৰ শ্লোগান ইমান নিশ্চিতভাৱে দিব পাৰে।

`অব কি বৰ, ফিৰ মোডী চৰকাৰ’ শ্লোগান দেশবাসীj পৰিচিত। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই শ্লোগান বিজেপি কৰ্মী আৰু সমৰ্থকে আওৰাইছিল। বিগত লোকসভা নিৰ্বাচনত বিজেপিয়ে কেনে প্ৰদৰ্শন আগবঢ়াইছিল সেয়া কোৱা বাহুল্য। এইবাৰ লোকসভা নিৰ্বাচনতো দিল্লীৰ সিংহাসন অক্ষুণ্ণ ৰাখিবলৈ আত্মবিশ্বাসী মোডী-শ্বাহৰ দল।

এইবাৰ দলটোৱে নতুন শ্লোগান আনিছে, ‘তিছৰি বাৰ মোডী চৰকাৰ, অব কি বাৰ ৪০০ পাৰ’। বিজেপিৰ এই আত্মবিশ্বাসী মনোভাৱকে ৰাহুল গান্ধীয়ে কটাক্ষ কৰিছে।

লগতে পঢ়কঃ IPL 2024: দুৰ্দান্ত প্ৰদৰ্শেনেৰে জয় কাঢ়ি নিলে পন্থ বাহিনীয়ে; তথাপি ধোনীৰ খেল দেখি মুগ্ধ অনুৰাগী

দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত হোৱা ‘লোকতন্ত্ৰ বচাও’ কাৰ্যসূচীৰ পৰা ৰাহুলে কয়, “ইভিএম, ছ’চিয়েল মিডিয়াত ভুৱা বাতৰি, সংবাদ মাধ্যমক হেঁচা প্ৰয়োগ নকৰাকৈ ১৮০খনতকৈ অধিক আসন লাভ কৰাৰ ক্ষমতা মোডী-শ্বাহহঁতৰ নাই। কিন্তু মেচ ফিক্সিং কৰা আছে। আম্পায়াৰো ঠিক কৰি ৰাখিছে মোদীয়ে। সেইবাবেই বিজেপিয়ে ইমান সহজে ৪০০ আসন অতিক্ৰম কৰাৰ শ্লোগান দিব পাৰে।”

এই প্ৰ সংগত তেওঁ ক্ৰিকেটৰ কথাও টানি আনে। কি ক’লে তেওঁ?

ৰাহুলে কয় যে ক্ৰিকেটত আম্পায়াৰক যিদৰে হেঁচা দিয়া হয়, খেলুৱৈক মেচ ফিক্সিঙৰ বাবে ভাবুকি দিয়া হয়, নিৰ্বাচনৰ পূৰ্বেও একে কামেই কৰা হৈছে। মোদীক পোনপটীয়াকৈ লক্ষ্য কৰি তেওঁ কয়, “নৰেন্দ্ৰ মোদীয়ে আম্পায়াৰসকলক বাছি লৈছে। আমাৰ দলৰ দুজনক গ্ৰেপ্তাৰ কৰাও হৈ গৈছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ফিক্সিং আৰম্ভ কৰি দিছে।”

লগতে পঢ়কঃ পৰিৱেশ মন্ত্ৰালয়ৰ আপত্তি সত্বেও আইন উলংঘাৰে ঘন অৰণ্যৰ মাজত কয়লা খনন আদানী গোষ্ঠীৰ

কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত দেওবাৰে দিল্লীৰ ৰাজপথত বিৰোধী মিত্ৰজোঁট “ইণ্ডিয়া”ৰ উদ্যোগত এক কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। ইয়াৰ নাম দিয়া হৈছিল ‘লোকতন্ত্ৰ বচাও’।