• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘পক্ষপাতদুষ্ট আম্পায়াৰ’! পুনৰ নিৰ্বাচন আয়োগক সমালোচনা ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 27, 2025 1:18 pm
68
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে শেহতীয়াকৈ কয় যে, নিৰ্বাচনৰ প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ নেতাসকলৰ মতামতক ওপৰৰ পৰা জাপি দিয়াতকৈ গুৰুত্বহে দিয়া উচিত। শনিবাৰে গুজৰাটত কংগ্ৰেছৰ জিলা সভাপতিসকলৰ প্ৰশিক্ষণ শিবিৰত ৰাহুলে কয় যে, গুজৰাট বিজেপিৰ দুৰ্গ। ২০২৭ চনত ৰাজ্যিক নিৰ্বাচন।সেই নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ হ’লে সংগঠনটোক তৃণমূল পৰ্যায়ৰ পৰা শক্তিশালী কৰিব লাগিব।

সংসদত থিয় দি গুজৰাটত বিজেপিক পৰাস্ত কৰিবলৈ ভাৰতীয় মিত্ৰজোঁটে ঐক্যবদ্ধভাৱে যুঁজিব বুলি কৈ ৰাহুলে কাৰ্যতঃ বিজেপিক প্ৰত্যাহ্বান দিছিল। শেহতীয়াকৈ তেওঁ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ৰাজ্যখন পৰিদৰ্শন কৰি দলৰ ভিতৰৰ ‘বিজেপিৰ হৈ কাম কৰা’ নেতাসকলক দল ত্যাগ কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ কয়, “এই ৰাজ্যত কংগ্ৰেছত তৃণমূল পৰ্যায়ত বিজেপিৰ হৈ কাম কৰা বহু লোক আছে। দলক তেওঁলোকৰ প্ৰয়োজন নাই।” গতিকে প্ৰদেশ কংগ্ৰেছক শাস্তি দিয়াৰ আভাস লৈ আহিছিল। সেই অনুসৰি শেহতীয়াকৈ কংগ্ৰেছে ৰাজ্যৰ সভাপতিৰ পৰা তৃণমূল পৰ্যায়লৈ নেতৃত্বৰ পৰিৱৰ্তন সাধন কৰিছে। দলৰ ‘পাৰ্টি অৰ্গেনাইজেচন সুজন অভিযান’ত যোগদান কৰি ৰাহুলে জিলা সভাপতিসকলক আশ্বাস দি কয়, “এতিয়ালৈকে কংগ্ৰেছে প্ৰাৰ্থী নিৰ্বাচনত জিলা সভাপতিক গুৰুত্ব দিয়া নাছিল। এতিয়াৰ পৰা দলটোৱে বিপৰীত পথত আগবাঢ়িব। জিলা সভাপতিৰ মতামতক গুৰুত্ব দি প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব।”

লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে মোদী-শ্বাহৰ ৰাজ্যত বিজেপিক পৰাস্ত কৰাটো কিয় প্ৰয়োজনীয় সেই কথাও ব্যাখ্যা কৰে। তেওঁ কয় যে গুজৰাটৰ নিৰ্বাচন আয়োগ দেশৰ ভিতৰতে আটাইতকৈ পক্ষপাতদুষ্ট। গতিকে ইয়াত কংগ্ৰেছ হাৰিছে। তথাপিও সকলোৱে একেলগে যুঁজিব লাগিব। কাৰণ গুজৰাট বিজেপি আৰু আৰএছএছৰ দুৰ্গ। ক্ৰিকেটৰ সৈতে এই সমগ্ৰ ঘটনাক ৰিজাই ৰাহুলে কয়, “যদি কোনো বেটছমেনে বাৰে বাৰে আউট হৈ থাকে তেন্তে প্ৰশ্ন উত্থাপন হয় যে কিয় এনেকুৱা হৈছে। আচলতে পক্ষপাতদুষ্ট ‘আম্পায়াৰ’ থাকিলেহে এইটো হ’ব পাৰে। ইয়াতো এনেকুৱাই হৈছে।”

Recent News

পৰীক্ষণ অবিহনেই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সোমাল ১৩ লক্ষাধিক লোকৰ নাম-দাবী প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ

পৰীক্ষণ অবিহনেই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সোমাল ১৩ লক্ষাধিক লোকৰ নাম-দাবী প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ

‘গডমেন’ৰ সৈতে সম্পৰ্ক, ১৬২খন দেশ ভ্ৰমণ; ভুৱা দূতাবাস সাজি ৩০০ কোটি টকাৰ প্ৰতাৰণা হৰ্ষবৰ্ধনৰ

‘গডমেন’ৰ সৈতে সম্পৰ্ক, ১৬২খন দেশ ভ্ৰমণ; ভুৱা দূতাবাস সাজি ৩০০ কোটি টকাৰ প্ৰতাৰণা হৰ্ষবৰ্ধনৰ

‘পক্ষপাতদুষ্ট আম্পায়াৰ’! পুনৰ নিৰ্বাচন আয়োগক সমালোচনা ৰাহুল গান্ধীৰ

‘পক্ষপাতদুষ্ট আম্পায়াৰ’! পুনৰ নিৰ্বাচন আয়োগক সমালোচনা ৰাহুল গান্ধীৰ

ধৰ্মস্থলৰ গণ সমাধিৰ দাবী! বিতৰ্কিত স্থানত SIT-ৰ তদন্ত আৰম্ভ

ধৰ্মস্থলৰ গণ সমাধিৰ দাবী! বিতৰ্কিত স্থানত SIT-ৰ তদন্ত আৰম্ভ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd