NORTHEAST NOW (Assamese)

‘সাংবাদিক হোৱাৰ ভাও নিদিব… বিজেপিৰ বেজ পিন্ধক’: ৰাহুলক ৰাজহুৱাভাৱে ক্ষমা বিচৰাৰ দাবী

March 26, 2023 11:04 am · এন ই নাও নিউজ, মুম্বাই

আপুনি বিজেপি কৰে নেকি? সাংবাদিকক কৰা এনে মন্তব্যৰ বাবে মুম্বাই প্ৰেছ ক্লাবে ৰাহুল গান্ধীক ক্ষমা বিচাৰিবলৈ দাবী জনাইছে। এজন সাংবাদিকক অপমান কৰাৰ বাবে ৰাহুল গান্ধীক ৰাজহুৱাভাৱে ক্ষমা বিচৰাৰ দাবী জনাইছে মুম্বাই প্ৰেছ ক্লাবে।

মুম্বাই প্ৰেছ ক্লাবে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত সাংবাদিকক অপমান কৰাৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰিছে।

লগতে পঢ়ক: সৰু মন! অনাহক ৰাহুলক অধিক শাস্তি; বাজপেয়ীৰ প্ৰসংগেৰে বিজেপিক কটাক্ষ প্ৰশান্ত কিশোৰৰ

সংবাদমেলত ৰাহুল গান্ধীয়ে সাংসদ পদ বাতিল সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত এজন সাংবাদিকৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল। তেওঁ সাংবাদিকজনক কৈছিল, “আপুনি বিজেপি কৰে নেকি? তেতিয়াহ’লে পাৰ্টিৰ বেজ পিন্ধক। সাংবাদিক হোৱাৰ ভাও নিদিব।”

মুম্বাই প্ৰেছ ক্লাবে ৰাহুলৰ আচৰণক তীব্ৰ গৰিহণা দিছে আৰু এজন সাংবাদিকক আক্ৰমণ কৰাৰ বাবে ৰাহুল গান্ধীৰ পৰা ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছে।

শনিবাৰে আয়োজিত সংবাদমেলত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিজেপি-আৰএছএছ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰে। তেওঁ আদানি প্ৰসংগত তেওঁৰ যুঁজ অব্যাহত ৰাখিব বুলিও স্পষ্ট কৰি দিয়ে।  

Related News