• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেইবা ঠাইতো প্ৰচাৰৰ লক্ষ্যেৰে আজি ৰাহুল গান্ধী অসমলৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2019 3:32 pm
rahul-gandhi_660_082518015613_012819074524

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি ৰাহুল গান্ধী। ফাইল ফটো

1.2k
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ অধ্যক্ষ তথা বিৰোধী দলপতি ৰাহুল গান্ধী আজি নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে অসমলৈ আহিব। প্ৰদেশ কংগ্ৰছৰ সূত্ৰই জনোৱামতে, গান্ধীয়ে অসমত মুঠ পাঁচটা লোকসভা সমষ্টিৰ বাবে কেইবাখনো নিৰ্বাচনী সভাত ভাগ ল’ব। গান্ধীয়ে ডিব্ৰুগড়, কলিয়াবৰ, লখিমপুৰ, কৰিমগঞ্জ আৰু শিলচৰত দলীয় প্ৰাৰ্থীসকলৰ বাবে প্ৰচাৰ চলোৱাৰ কথা।

কংগ্ৰেছৰ অধ্যক্ষজনৰ এই ভ্ৰমণত অসমৰ লগতে নাগালেণ্ডো অন্তৰ্ভুক্ত আছে। আজি অসমত উপস্থিত হৈয়ে প্ৰথমে তেওঁ ডিমাপুৰলৈ যাব আৰু তাত ১০:৪৫ বজাত হ’ব লগীয়া নিৰ্বাচনী সভাত নাগালেণ্ডৰ একমাত্ৰ সমষ্টিটোৰ দলীয় প্ৰাৰ্থী কে এল চিচিৰ হৈ প্ৰচাৰ চলাব।

ইয়াৰ পিছতে অসমৰ বোকাখাতলৈ আহি দুপৰীয়া কলিয়াবৰৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ প্ৰচাৰ চলাবলৈ বোকাখাত স্প’ৰ্টছ কমপ্লেক্স গ্ৰাউণ্ডত নিৰ্বাচনী সভাত অংশ ল’ব।

গান্ধী তাৰ পৰা লখিমপুৰলৈ উৰা মাৰিব আৰু তাত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী অনিল গোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব।

লখিমপুৰৰ সভাৰ পিছতে পিছবেলা তেওঁ ডিব্ৰুগড়লৈ যাব আৰু তাতো এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব। ডিব্ৰুগড়ৰ পৰা শ্বিলঙলৈ গৈ তাতে ৰাতিটো কটাই পিছদিনা আকৌ অসমলৈ ঘূৰি আহিব।

দিল্লীলৈ ঘূৰি যোৱাৰ পূৰ্বে বৃহস্পতিবাৰে কংগ্ৰেছৰ অধ্যক্ষজন বৰাক উপত্যকাৰ কৰিমগঞ্জ আৰু শিলচৰ সমষ্টিৰ প্ৰাৰ্থীকেইজনৰ বাবে প্ৰচাৰ চলাবলৈ ক্ৰমে কৰিমগঞ্জ আৰু শিলচৰত নিৰ্বাচনী সভাত ভাগ ল’ব বুলি জানিবলৈ দিয়ে সূত্ৰটোৱে।

উল্লেখযোগ্য যে প্ৰধান মন্ত্ৰী মোদীও নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে আজি যোৱা নিশাই অসমত উপস্থিত হৈছেহি আৰু তেওঁ আজি ডিব্ৰুগড়ৰ পৰা অৰুণাচললৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাব। এটা সপ্তাহৰ ভিতৰত অৰুণাচললৈ মোদীৰ এয়া দ্বিতীয়টো ভ্ৰমণ।

আনহাতে কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীও অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অলপতে অহাৰ কথা।

Tags: নিৰ্বাচন ২০১৯

Recent News

ইৰাণৰ ৩টা পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰিলে আমেৰিকাই; ‘ঐতিহাসিক মুহূৰ্ত’ বুলি অভিহিত ট্ৰাম্পৰ

ইৰাণৰ ৩টা পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰিলে আমেৰিকাই; ‘ঐতিহাসিক মুহূৰ্ত’ বুলি অভিহিত ট্ৰাম্পৰ

উভতি ধৰিছে ইংলেণ্ডে, অলি পোপৰ শতক; সোপাঢিলা লৱাৰ অৰ্ডাৰৰ মূল্য ভৰিছে টীম ইণ্ডিয়াই

উভতি ধৰিছে ইংলেণ্ডে, অলি পোপৰ শতক; সোপাঢিলা লৱাৰ অৰ্ডাৰৰ মূল্য ভৰিছে টীম ইণ্ডিয়াই

কাণ নাথাকিলেও চৰাইবোৰে শুনা পায়! কিন্তু কেনেকৈ?

কাণ নাথাকিলেও চৰাইবোৰে শুনা পায়! কিন্তু কেনেকৈ?

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd