“সেইজনৰ কোনো প্ৰয়োজন নাই”, নীতিশে চোং সলোৱাৰ পিছত প্ৰথমবাৰৰ বাবে মুখ খুলিলে ৰাহুলে 

জেডি(ইউ)ৰ শীৰ্ষ নেতা নীতিশ কুমাৰে এন ডি এত যোগদান কৰি বিৰোধীৰ ঐক্য ত্যাগ কৰিছে। 

নীতিশ কুমাৰৰ এই বিশ্বাসঘাতকতাৰ পিছত প্ৰথমবাৰৰ বাবে মুখ খুলিছে ৰাহুল গান্ধীয়ে।

ৰাজনৈতিক বিশেষজ্ঞসকলে ইতিমধ্যে কৈছে যে নীতিশ কুমাৰৰ এন ডি এত যোগদান INDIA জোঁটৰ বাবে এটা ডাঙৰ বিফলতা। 

কিন্তু ৰাহুল গান্ধীয়ে বিহাৰত ‘ভাৰত জুড়ো ন্যায় যাত্ৰা’ কাৰ্যসূচীৰ সময়ত নীতিশ কুমাৰৰ বিৰোধী ঐক্য এৰি যোৱা কথাটোক গুৰুত্ব দিয়া নাছিল। 

“ জোঁট বন্ধন প্ৰয়োজন নাই। বিহাৰত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে কাম কৰিব কংগ্ৰেছে। নীতিশ কুমাৰৰ কোনো প্ৰয়োজন নাই। মহাজোঁটত কংগ্ৰেছ, লালু প্ৰসাদৰ আৰজেডি আৰু বাওঁপন্থী দলসমূহ অন্তৰ্ভুক্ত থাকিব।” – এই মন্তব্য ৰাহুল গান্ধীৰ। 

ইয়াৰ পূৰ্বে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কৈছিল যে নীতিশ কুমাৰৰ প্ৰস্থানে বিৰোধীৰ মিত্ৰতাৰ ওপৰত কোনো বিৰূপ প্ৰভাৱ পেলাব নোৱাৰে।