NORTHEAST NOW (Assamese)

অভিযান অব্যাহত; গোৱালপাৰাত বৃহৎ পৰিমানৰ দেশীয় সুৰা জব্দ

March 12, 2019 10:21 pm · ছফিকুল আহমেদ

গোলাঘাট আৰু যোৰহাট জিলাত বিষাক্ত চুলাই সেৱন কৰি শাতিধক লোকে প্ৰাণ হেৰুৱাৰ পিছৰে পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চুলাই বিৰোধি অভিযান অব্যাহত আছে। ইয়াৰে অংশ হিচাপে আজি গোৱালপাৰা জিলা প্ৰশাসনে গোৱালপাৰা নগৰৰ দাঁতিকাষৰীয়া কেইবাঠাইত অভিয়ান চলাই বৃহৎ পৰিমানৰ দেশীয় সুৰা জব্দ কৰে।

গোৱালপাৰা জিলাৰ সহকাৰী আয়ুক্ত সৌৰভ দাস আৰু আবকাৰী পৰিদৰ্শক নীল কমল নাথৰ নেতৃত্বত গোৱালপাৰা আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ ভালুৰডুবী আঞ্চলৰ আলংপাৰা, উলুংপাৰা, ডাঙৰপাৰা আৰু বাছিংপাৰাত উক্ত অভিযান চলোৱা হয়।

এই সংক্ৰান্তত আৰক্ষীয়ে আবলং ৰাভা নামৰ এজন লোকক অসম আবকাৰী আইন ২০১৮ৰ ৫৩ (১) (ডি) ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰা স্থানতে ৯৪০ কিলো ওজনৰ বৃহৎ পৰিমানৰ দেশীয় সুৰাৰখিনি নষ্ট কৰে।

Related News