শিৱসাগৰৰ ভোট কেন্দ্ৰৰ সন্মুখতে মৃত্যু ৰাইজৰ দলৰ নেত্ৰী সংগীতা গগৈৰ 

আজি লোকসভা নিৰ্বাচনৰ প্রথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈ থকাৰ অৱস্থাতে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ বিধানসভা সমষ্টিৰ দলীয় কাৰ্যালয়ত নিৰ্বাচনী কামত ব্যস্ত হৈ থকাৰ সময়তে ৰাইজৰ দলৰ এগৰাকী সক্ৰিয় কৰ্মী আকস্মিকভাৱে উচ্চ ৰক্তচাপত মৃত্যুবৰণ কৰে। 

আজি দুপৰীয়াৰ ভাগত ৰাইজৰ দলৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ বানমুখ আঞ্চলিকৰ অন্তৰ্গত বানমুখ মটক গোহাঁই গাঁৱৰ নিবাসী এগৰাকী সক্ৰিয় কৰ্মী সংগীতা গগৈয়ে(৪৫) দলীয় সতীৰ্থসকলৰ সৈতে বানমুখ গাঁও পঞ্চায়ত এলেকাৰ ১০ নম্বৰ ৱাৰ্ডৰ প’লিং চেণ্টাৰৰ সন্মুখত ৰাইজৰ দলৰ অস্থায়ী কাৰ্যালয়ত  বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী টেবুলত ব্যস্ত থকাৰ সময়তে আকস্মিকভাৱে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ঢলি পৰে। 

ৰাইজৰ দলৰ জ্যেষ্ঠ কৰ্মী দীপক গগৈৰ পত্নী অসুস্থ সংগীতা গগৈক লগে লগে দলীয় সতীৰ্থসকলে শিৱসাগৰ নগৰস্থিত প্রগতি নাৰ্ছিংহোমলৈ চিকিৎসাৰ বাবে লৈ আহে। কিন্তু চিকিৎসালয়ত আহি পোৱাৰ লগে লগে চিকিৎসকসকলে ঘোষণা কৰে যে সংগীতা গগৈৰ ইতিমধ্যেই মৃত্যু হৈছে।

চিকিৎসকসকলে জানিবলৈ দিয়া অনুসৰি সংগীতা গগৈয়ে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।  ৰাইজৰ দলৰ সক্ৰিয় কৰ্মাগৰাকীক লগে লগে ঘৰলৈ ঘূৰাই নিয়া হয়। 

নিৰ্বাচনৰ উখল-মাখল পৰিৱেশৰ মাজতে এনে এটি আকস্মিক শোকাৱহ  ঘটনা সংঘটিত হোৱাত কেৱল বানমুখ পঞ্চায়ত এলেকাতেই নহয় সমগ্ৰ শিৱসাগৰ বিধানসভা সমষ্টিতে  শোকৰ ছাঁ পৰে। 

সংগীতা গগৈয়ে মৃত্যুৰ পূৰ্বে তেওঁৰ স্বামী আৰু দুই পুত্ৰ সম্ভানক এৰি থৈ যায়। শেষ বিদায় জনোৱাৰ পাছত তেওঁক মটক সম্প্ৰদায়ৰ পৰম্পৰাগত নিয়ম অনুসৰি মৈদাম দিয়া হয়।