• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

অসমৰ সৌৰ কেলেংকাৰীঃ আদানীকে ধৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ দাবী ৰাইজৰ দলৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 30, 2024 10:22 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এ পি ডি চি এলে এক বিবৃতিত প্রকাশ কৰে যে আমেৰিকাৰ আদালতৰ নিৰ্দেশত অসমৰ কোনো উল্লেখ নাই। তদুপৰি, এজিউৰৰ সৌৰশক্তি প্রকল্প ২০১৮ চনত প্রদান কৰা হৈছিল। এই প্রকল্পসমূহৰ পৰা পোৱা শুল্কও গড় মূল্যতকৈ বহু কম আৰু একেই শুল্কতেই ২৫ বছৰলৈ বিদ্যুৎ যোগান অব্যাহত থাকিব। তদুপৰি, অসমত এজিউৰ পাৱাৰে নিৰ্মাণ কৰা শক্তি প্রকল্পসমূহৰ আদানি গ্রীণ আদিৰ দৰে আন কোনো সত্তাৰ লগত কোনো সম্পর্ক নাই। এ পি ডি চি এলৰ এই স্পষ্টীকৰণৰ আঁত ধৰি বিজেপি দলে প্ৰচাৰ কৰিছে যে ২১ নৱেম্বৰত অসমত বিদ্যুৎ ক্ৰয়ৰ ক্ষেত্ৰত ব্যাপক দুর্নীতি সংঘটিত হোৱাৰ যি আশংকা আৰু অভিযোগ ৰাইজৰ দলে উত্থাপণ কৰিছিল, সেয়া ভুৱা।

ৰাইজৰ দলৰ আশংকা আৰু অভিযোগ যে ভুৱা নহয়, বৰং এ পি ডি চি এলেহে যে ভুৱা আৰু বিভ্রান্তিকৰ বিজ্ঞাপণ প্রকাশ কৰি অসমৰ ৰাইজক আভুৱা ভাৰিব বিচাৰিছে, সেয়া ৰাইজৰ দলে পুনৰবাৰ দোহাৰিছে। আমেৰিকাৰ ইষ্টার্ণ ডিস্ট্রিক্ট কোর্টত গ্রেণ্ড জুৰি ইনভেষ্টিগেশ্যনে যি তথ্য প্রকাশ কৰিছে, তাৰ ভিত্তিত ৰাইজৰ দলে আকৌ এবাৰ দাবী জনাই যে এ পি ডি চি এলৰ সৈতে বিদ্যুৎ ক্ৰয়ৰ যিসমূহ চুক্তি হৈছে, তাৰ পুংখানুপুংখ তদন্ত হ’ব লাগে। আমেৰিকাৰ চিকিউৰিটীজ এণ্ড এক্সচেঞ্জ কমিছনে আমেৰিকাৰ আদালতত এজিউৰ পাৱাৰৰ বিৰুদ্ধে যি অভিযোগনামা দাখিল কৰিছে, তাত উল্লেখ কৰা তথ্য অনুসৰি, ২০২০ চনত আদানি গ্রীণ আৰু এজিউৰ পাৱাৰৰ সৈতে ভাৰত চৰকাৰৰ অধীনস্থ সংস্থা চ’লাৰ এনার্জী কর্পোৰেশ্যন অব ইণ্ডিয়া চমুকৈ এছ ই চি আইৰ এক চুক্তি হৈছিল। এই চুক্তি অনুসৰি এছ ই চি আই-এ আদানিৰ পৰা ৮ গিগাবাট আৰু এজিউৰৰ পৰা ৪ গিগাবাট সৌৰশক্তি ক্ৰয় কৰিব আৰু অন্য ৰাজ্যক সেয়া বিক্ৰী কৰিব।

এজিউৰৰ আশা আছিল যে এছ ই চি আইৰ জৰিয়তে ৰাজ্যসমূহক সৌৰশক্তি বিক্ৰী কৰি অহা ২০ বছৰত তেওঁলোকে ২০০ বিলিয়ন ডলাৰ লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ’ব। কিন্তু অন্যান্য উৎসত বিদ্যুতৰ দাম কম হোৱা বাবে এছ ই চি আইৰ পৰা আদানি আৰু এজিউৰে উৎপাদন কৰা সৌৰশক্তি ক্রয় কৰিবলৈ কোনো চৰকাৰেই আগ্রহ নেদেখুৱালে। কাৰণ বজাৰত বিদ্যুতৰ দাম উঠা নমা হৈ থাকে, গতিকে অন্যান্য উৎসত কম দামত বিদ্যুত গোৱাব সম্ভাবনা অধিক। এনে পৰিস্থিতিত ২০২০ চনব ২৫ ডিচেম্বৰত আদানি আৰু এজিউৰে নিজৰ সৌৰশক্তিৰ দাম হ্রাস কৰিবলৈ সন্মত হয়। কিন্তু তাৰ পাছতো ভাৰতৰ কোনো এখন চৰকাৰৰ অধীনস্থ সংস্থাই এছ ই চি আইৰ পৰা আদানি আৰু এজিউৰৰ বিদ্যুৎ ক্ৰয় কৰিবলৈ আগবাঢ়ি নাহিল। ইয়াৰ পাছত আদানি আৰু এজিউৰে কেনেকৈ উৎকোচ আঁচনি প্রস্তুত কৰিলে, সেয়া আমেৰিকান তদন্তকাৰী সংস্থাৰ প্রতিবেদনৰ ১২ নং পৃষ্ঠাৰ ৪৮ নং অনুচ্ছেদৰ পৰা উল্লেখ আছে।

৪৮ নং অনুচ্ছেদত এইদৰে উল্লেখ কৰা হৈছে- আদানি গ্রীণৰ বিষয়ববীয়াই ভাৰতৰ বিভিন্ন ৰাজ্য আৰু চৰকাৰী ব্যক্তিক চ’লাৰ এনার্জী কর্পোৰেশ্যন অৱ ইণ্ডিয়াৰ পৰা বিদ্যুৎ ক্ৰয়ৰ বিনিময়ত দিয়া উৎকোচৰ হিচাপ ৰাখিছিল। আমেৰিকাৰ আদালতত প্রকাশ পোৱা নথি অনুসৰি, ২০২২ চনৰ বর্ষাকাল আৰু গ্রীষ্মকালত আদানিয়ে এজিউৰ পাৱাৰৰ অধ্যক্ষক এই বুলিও বুজাইছিল যে কিদৰে ভাৰতত এই উৎকোচ আঁচনিয়ে কাম কৰিছে আৰু কম সময়ৰ ভিতৰতে কেইবাখনো ৰাজ্যই বিদ্যুত ক্ৰয়ৰ চুক্তি স্বাক্ষৰ কৰিছে।

ইফালে, গ্রেণ্ড জুৰি ইনভেষ্টিগেশ্যনে আমেৰিকাৰ আদালতত দাখিল কৰা ‘সংযুক্ত যুক্তৰাষ্ট্ৰ বনাম গৌতম আদানি আৰু অন্যান্য’ শীর্ষক ৫৪ পৃষ্ঠাৰ দস্তাবেজৰ ১৮ নং পৃষ্ঠাৰ ৫৮ নং অনুচ্ছেদত অতি স্পষ্টকৈ উল্লেখ আছে যে আদানি গ্রীণ আৰু এজিউৰ পাৱাৰৰ উৎকোচ আঁচনিৰ অধীনত বিদ্যুৎ বিক্ৰীৰ বাবে ভাৰতৰ চৰকাৰী ব্যক্তিক উৎকোচ দিয়া হ’ব। প্রতি মেগাৱটত ২৫ লাখ টকাকৈ উৎকোচ প্রদান কৰিব। গৌতম আদানিয়ে ব্যক্তিগতভাৱে চৰকাৰী ব্যক্তিক এই উৎকোচৰ প্রস্তাৱ দিয়াৰ দায়িত্ব লৈছিল। এ পি ডি চি এলে চ’লাৰ এনার্জী কর্পোৰেশ্যন অব ইণ্ডিয়া আৰু এজিউৰ পাৱাৰ দুয়োটা সংস্থাৰ সৈতে সৌৰশক্তি ক্ৰয়ৰ বাবে চুক্তি কৰিছে। এজিউৰ পাৱাৰৰ পৰা প্ৰতি কিলোৱাটত ৩.৩৪ টকা আৰু চ’লাৰ এনার্জী কর্পোৰেশ্যন অৱ ইণ্ডিয়াৰ পৰা প্ৰতি কিলোবাটত ৬.২৭ টকাকৈ ২৫ বছৰলৈ সৌৰশক্তি ক্ৰয় কৰিছে।

আমেৰিকাৰ আদালতৰ নথি অনুসৰি, ভাৰতত বিভিন্ন ৰাজ্যত বিদ্যুৎ ক্ৰয়ৰ কেলেংকাৰি সংঘটিত হৈছে চ’লাৰ এনাজী কর্পোৰেশ্যন অব ইণ্ডিয়াৰ বিদ্যুৎ ক্ৰয়ৰ জৰিয়তে। যিসময়ত এজিউৰ পাৱাৰৰ পৰা প্ৰতি কিলোৱাটত ৩.৩৪ টকা দৰত এ পি ডি চি এলে সৌৰশক্তি ক্ৰয় কৰি আছে, সেই একেটা সময়ত আদানী গ্রীণ আৰু এজিউৰ পাৱাৰেই উৎপাদন কৰা সৌৰশক্তি ৬.২৭ টকা দৰত ক্ৰয় কৰা ঘটনাই ব্যাপক দুর্নীতিৰ সম্ভাবনা প্রকাশ কৰে। তদুপৰি, বিদ্যুৎ বা সৌৰশক্তিৰ দৰ প্ৰতিদিনে প্রতি মুহূৰ্তত সলনি হৈ থাকে। কোন উৎসত কম দামত বিদ্যুৎ পোৱা যায়, তাৰ ওপৰত ভিত্তি কৰিহে ডিস্কমসমূহে বিদ্যুৎ ক্রয় কৰে। এনে পৰিস্থিতিত ২৫ বছৰলৈ বিদ্যুৎ ক্রয়ৰ চুক্তি কৰাৰ আঁৰত যে অন্য ৰহস্য লুকাই আছে, সেয়া সহজেই অনুমেয়।

মন কৰিবলগীয়া কথাটো হ’ল, ২০২২ চনৰ ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহি গৌতম আদানিয়ে জনতা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰে। তাৰ পাছত ২০২৩ চনৰ ২৫ ছেপ্তেম্বৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে চ’লাৰ এনার্জী কর্পোৰেশ্যন অৱ ইণ্ডিয়াই যি দৰত সৌৰশক্তি বিক্ৰী কৰিব বিচাৰিছে, সেই দৰতেই ১০০ মেগাৱাট সৌৰশক্তি অসম চৰকাৰে ক্ৰয় কৰিব। আমেৰিকাৰ আদালতত স্পষ্টকৈ ওলাই পৰিছে যে আদানি আৰু এজিউৰে উৎপাদন কৰা সৌৰশক্তি চ’লাৰ এনার্জী কর্পোৰেশ্যন অৱ ইণ্ডিয়াৰ পৰা অধিক দৰত কিনিবলৈকে বিভিন্ন ৰাজ্যৰ চৰকাৰী ব্যক্তিক গৌতম আদানিয়ে উৎকোচ প্রদান কৰিছিল। প্ৰতি মেগাৱাট ক্ৰয়ৰ বিপৰীতে ২৫ লাখকৈ টকাৰ উৎকোচ প্রদান কৰা হৈছিল। গতিকে আদানিয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছতেই অসম চৰকাৰে এনার্জী কর্পোৰেশ্যন অৱ ইণ্ডিয়াই নির্ধাৰণ কৰা দৰত ১০০ মেগাৱট বিদ্যুৎ ক্ৰয়ৰ কেবিনেট সিদ্ধান্ত লোৱা হয়। অসম চৰকাৰৰ এই সিদ্ধান্ত আৰু এ পি ডি চি এলৰ বিদ্যুৎ ক্ৰয়ৰ চুক্তি অতিকৈ ৰহস্যজনক হৈ পৰিছে।

এ পি ডি চি এলৰ বিজ্ঞাপন যে চৰম আভুৱা ভৰা সেয়া সংবাদ মেলৰ জৰিয়তে উদঙাই দি ৰাইজৰ দলে পুনৰ দাবী কৰে যে- মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাকে ধৰি এ পি ডি চি এলৰ যিসকল বিষয়া এজিউৰ আৰু চ’লাৰ এনার্জী কর্পোৰেশ্যন অৱ ইণ্ডিয়াৰ পৰা সৌৰশক্তি ক্ৰয়ত জড়িত, সেই সকলোকে তদন্তৰ আওতালৈ আনিব লাগে।

মুখ্যমন্ত্রীকে ধৰি সংশ্লিষ্ট সকলো পক্ষকে প্রত্যাহ্বান জনাই ৰাইজৰ দলে দাবী জনায় – অসম চৰকাৰৰ যদি সৎসাহস আছে এ পি ডি চি এলৰ লগত স্বাক্ষৰিত সকলো পাৱাৰ পাৰ্চেচ এগ্রিমেন্ট ৰাজহুৱা কৰক।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm
ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm
শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

September 16, 2025 3:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd