স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত গুৱাহাটীস্থ বিজুলী ভৱনত ৰাইজৰ দলৰ ব্যাপক প্ৰতিবাদ

আজি পুৱা ৰাইজৰ দলৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডৰ গুৱাহাটী পল্টন বজাৰস্থিত মুখ্য কাৰ্যালয় ‘বিজুলী ভৱন’ ত এক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰা হয়।

প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীৰ সৈতে ৰাইজৰ দলৰ কৰ্মী সকলে অসমীয়া পৰম্পৰাৰে তামোল পাণ আৰু শৰাই আগবঢ়াই স্মাৰ্ট মিটাৰৰ বাতিল কৰাৰ বাবে চৰকাৰ আৰু শক্তি বিভাগৰ সুমতি বিচাৰি প্ৰাৰ্থনা জনায়।

জিলা সমিতিৰ কৰ্মী সকলৰ উপৰিও উক্ত কাৰ্য্যসূচীত  ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়া, উপ-সভাপতি অনিল বড়ো, সাধাৰণ সম্পাদক আজিজুৰ ৰহমান, সহ সম্পাদক প্ৰদীপ বৰুৱা, তথ্য আৰু প্ৰচাৰ সম্পাদক দেবাংগ সৌৰভ গগৈ, সাংগঠনিক সম্পাদিকা মমী ৰায়চৌধুৰী, মুখপাত্ৰ নুৰ আলমকে ধৰি জাতীয় নাৰী বাহিনী আৰু জাতীয় যুৱ বাহিনীৰ বিষয়ববীয়া সকলেও অংশগ্ৰহণ কৰে।

কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই কয় যে স্মাৰ্ট মিটাৰ যদি প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ গৃহৰাজ্যত বন্ধ, তেন্তে অসমত কিয়? তেখেতে আক্ষেপ কৰি কয় যে পুঁজিপতিৰ স্বাৰ্থত অসমৰ সাধাৰণ জনতাৰ প্ৰতিবাদক উপলুঙা কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে।

অসমৰ জনসাধাৰণৰ ইচ্ছাৰ বিৰুদ্ধে গৈ হিমন্ত বিশ্ব শৰ্মাই কমিশ্যনৰ অংকতেই ঘৰে স্মাৰ্ট মিটাৰৰ ব্যৱস্থা কৰাৰ অভিযোগ উত্থাপন কৰে শইকীয়াই।

আনহাতে মুখ্যমন্ত্ৰীক আদানীৰ স্বাৰ্থত কাম কৰাৰ বিপৰীতে ৰাজধৰ্ম পালন কৰি অসমৰ জনসাধাৰণৰ হৈ চিন্তা কৰিবলৈ আহ্বান জনাই ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমানে।

প্ৰতিবাদৰ পিছত কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি শংকৰ লস্কৰ আৰু সাধাৰণ সম্পাদক ইন্দ্ৰজিত শৰ্মা আৰু পিংকী বৰপূজাৰীয়ে মুখ্য প্ৰবন্ধকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী, শক্তিমন্ত্ৰী আৰু এপিডিচিএলৰ অধ্যক্ষলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে।