• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঔৰংজেৱক ৰোল মডেল হিচাপে লৈছে মুখ্যমন্ত্ৰীয়ে! পৌৰসভা এলকাত অত্যাধিক কৰ আৰোপৰ বিৰোধিতা ৰাইজৰ দলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 18, 2023 3:42 pm
municipal tax in Assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে প্ৰৱৰ্তন কৰিবলৈ আগবঢ়া পৌৰ কৰ সন্দৰ্ভত ৰাজ্য চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰিছে ৰাইজৰ দলে। আজি ৰাইজৰ দলৰ মঠঘৰীয়াস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰি দলৰ সাধাৰণ সম্পাদক চিন্ময় বড়া আৰু তথ্য আৰু প্ৰচাৰ সম্পাদক দেবাংগ সৌৰভ গগৈয়ে পৌৰসভা এলেকা সমূহত চৰকাৰে জাপি দিব খোজা অত্যাধিক সম্পত্তি কৰৰ বাবে চৰকাৰৰ তীব্ৰ সমালোচনা কৰে।

দলৰ সাধাৰণ সম্পাদক চিন্ময় বড়াই কয়, “পৌৰকৰ বৃদ্ধিৰ বাবে প্ৰকাশিত Draft Reassement খনে Assam Municipal Act 1956 খনৰ ৬৮ ৰ পৰা ৯২ লৈ কেইবাটাও ধাৰা উলংঘা কৰা পৰিলক্ষিত হৈছে। পৌৰ আইনখনৰ মতে পৌৰসভাই হল্ডিং, লাইট, ড্ৰেইনেজ, পানী, শৌচাগাৰ আৰু প্ৰাইভেট মাৰ্কেটৰ ওপৰত ৬৮ নং ধাৰা অনুযায়ী কৰ আৰোপ কৰিব পাৰে।”

বড়াই লগতে কয়, বিভিন্ন পৌৰসভা সমূহৰ দ্বাৰা প্ৰকাশিত Draft Reassement জাননীৰ যোগেদি আমি জানিব পাৰিছো যে পৌৰসভা সমূহে নাগৰিকৰ ওপৰত তিনি শতাংশকৈ নগৰীয়া কৰ আৰোপ কৰিব বিচাৰিছে। এনেধৰণৰ কৰৰ বিষয়ে Assam Municipal Act 1956 ত কোনোধৰণৰ উল্লেখ নাই।

কৰৰ নিৰিখ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত Draft Reassement খনে Assam Municipality Act 1956 খনৰ ধাৰাত 79(III) উলংঘা কৰা দেখা যায় বুলিও তেওঁ অভিযোগ কৰে। তেওঁ কয়, “এই আইনখনৰ ধাৰা 79(III) অনুযায়ী Commercial Holding মানে দোকান, বজাৰ, পাইকাৰী বা খুচুৰা বিক্ৰী কেন্দ্ৰ, কাৰ্যালয়, গুদাম ঘৰ, আৰু Service Facilities Incidental to the sell of goods and located at the same holding ক বুজায়।”

কিন্তু এই খচৰাখনৰ যোগেদি ব্যক্তিগত আৰু চৰকাৰী ব্যৱহাৰৰ বাবে ভাড়ালৈ দিয়া ঘৰকো ব্যৱসায়িক হিচাপে দেখুওৱা হৈছে বুলি দাবী কৰিছে চিন্ময় বড়াই। ৰাজকোষ দেউলীয়া হোৱা ঋণ নিৰ্ভৰ বিজেপি চৰকাৰখনে অসমৰ চহৰাঞ্চলত বাস কৰা জনসাধাৰণৰ ওপৰত কৰৰ বোজা জাপি দিবলৈ Assam Municipality Act 1956 খন সংশোধন ঘটাই এক এপ্ৰিল ২০২১ ৰ পৰা সংশোধিত আইনখন বলবৎ কৰাইছিল বুলি তেওঁ লগতে কয়।

বড়াই কয় যে চহৰীয়া নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত লোকসকলৰ ওপৰত অত্যাধিক কৰৰ বোজা জাপি দিবলৈ এওঁলোকে কৰা কুছকাৱাজ আচলতে এদিনীয়া নহয়। সাধাৰণ সম্পাদক গৰাকীয়ে পুনৰ কয় যে শৰাইঘাটৰ শেষ যুদ্ধৰ কথা কৈ ক্ষমতালৈ অহা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বুকুৰ আপোন আছলতে মোগল আৰু ব্ৰিটিছ সকলহে।

যাৰ বাবে শৰ্মা ডাঙৰীয়াই অসমৰ জনসাধাৰণৰ ওপৰত ঔৰংগজেৱৰ দৰে অত্যাধিক কৰৰ বোজা জাপি দিবলৈও কোনো কুণ্ঠাবোধ কৰা নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে বড়াই। তেওঁ লগতেহিমন্ত বিশ্ব শৰ্মাই হয়তো তেওঁৰ ৰোল মডেল ঔৰংগজেৱৰ দৰে অসমৰ ৰাইজৰ ওপৰত এদিন জিজিয়া কৰো জাপি দিব বুলিও কটাক্ষ কৰে।

চিন্ময় বৰাই তাচ্ছিল্য কৰি “হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অসমৰ ৰাইজৰ ওপৰত জাপি দিব পৰাকৈ ‘খিৰিকী কৰ’, ‘টুপী কৰ’ দুটামান কৰৰ প্ৰস্তাৱ কৰিলোঁ” বুলিও মন্তব্য কৰে।

ইফালে দলৰ তথ্য আৰু প্ৰচাৰ সম্পাদক দেবাংগ সৌৰভ গগৈয়ে পৌৰ এলেকা সমূহৰ গৃহ কৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত CPWD Schedule of Rates (DSR) ৰ প্ৰয়োগৰ বিৰোধিতা কৰি কয় যে অসমৰ এটা মধ্যবিত্ত পৰিয়ালে এটা গৃহ নিৰ্মাণৰ বাবে দিল্লীৰ গৃহ নিৰ্মাণৰ বাবে ব্যৱহৃত প্ৰযুক্তি ব্যৱহাৰ নকৰে, অসমৰ গৃহ নিৰ্মাণৰ সামগ্ৰী বা কেচামালৰ মূল্য ভিন্ন, তদুপৰি গৃহ নিৰ্মাণৰ বনুৱা সকলৰ পাৰিশ্ৰমিকো ভিন্ন।

অঞ্চল ভিত্তিক এনে তাৰতম্যতাৰ বাবেই প্ৰতিখন ৰাজ্যৰ PWD বিভাগে সেই অঞ্চলৰ সৈতে সামঞ্জস্য ৰাখি Schedule of Rates তৈয়াৰ কৰে। গগৈয়ে প্ৰশ্ন কৰে যে ২০১৩ চনৰ পৰা অসম চৰকাৰৰ APWD (Building) ৰ Schedule of Rate কিয় উন্নীত হোৱা নাই। তেখেতে কয় যে প্ৰথমে চৰকাৰে PWD বিভাগৰ SoR update কৰাৰ ব্যৱস্থা কৰক।

তেওঁ লগতে কয়, স্বঘোষিত সফল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ PWD বিভাগৰো দ্বায়িত্বত আছে। তেখেতে বিয়াগোম বিভাগটোৰ বিষয়াসকলৰ হতুৱাই SoR update কৰিব নোৱাৰাতো চৰম বিফলতা নহয়নে? নে মুখ্যমন্ত্ৰীয়ে এই দিল্লীৰ মূল্য অসমত ব্যৱহাৰৰ জৰিয়তে কিছুমান আমাৰ বাবে দুৰ্বোধ্য সমীকৰণ সমাধান কৰি থাকে বুলি কটাক্ষ কৰে দেবাংগ সৌৰভ গগৈয়ে।

“তেওঁ দেশৰ কেইবাখনো ৰাজ্যৰ এক তুলনামূলক বিশ্লেষণ দাঙি ধৰি কয় যে দেশৰ প্ৰায়বোৰ ৰাজ্যতে State PWD SoR সময়ে সময়ে উন্নীতকৰণ হৈ থাকে। যদি শেহতীয়া পৰিসংখ্যা চোৱা যায়, কাঠমিস্ত্ৰীৰ কামৰ বাবদ এদিনত CPWD য়ে ধাৰ্য কৰা পাৰিশ্ৰমিকৰ পৰিমাণ ৭৮৪ টকা, আনহাতে বিহাৰ, তেলেংগানা, অৰুণাচল, পশ্চিম বংগ, হাৰিয়ানাৰ State PWD ৰ সেই পৰিমাণ ক্ৰমে ৪১৩ টকা, ৬৮৫ টকা, ৪৪২ টকা, ৩২৬ টকা, ৩৭৬ টকা। সেয়ে অসমৰ পৌৰ অঞ্চলত CPWD ৰ SoR প্ৰয়োগ কৰিলে গৃহৰ প্ৰকৃত মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত যঠেষ্ট তাৰতম্য আহিব।”

তেওঁ লগতে দাবী কৰে যে বহুবোৰ চহৰত সম্পত্তিৰ survey ৰ বাবে ব্যক্তিগত এজেন্সীক দ্বায়িত্ব দিয়াৰ অভিযোগ উঠিছে। আইন বৰ্হিভূতভাৱে দ্বায়িত্ব দিয়া এনে এজেন্সী সমূহে বৈষম্যমূলক নীতিৰে সম্পত্তিৰ Survey কৰাৰো অভিযোগ উঠিছে।

১ লাখ ৩১ হাজাৰ কোটি টকা ধাৰত পোত খাই থকা চৰকাৰখনৰ এতিয়া ৰাজহ ঘাটি হ্ৰাস কৰিবৰ বাবে শেনচকু চহৰৰ বাসিন্দা সকলৰ ওপৰত পৰিছে বুলি আন এক অভিযোগ কৰে ৰাইজৰ দলৰ নেতাগৰাকীয়ে। “সৰ্বশক্তি প্ৰয়োগেৰে তেওঁলোকে ইয়াক কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিব। তাৰপিছত হয়তো পঞ্চায়ত নিৰ্বাচনৰ পিছতে হাত দিব গাওঁবোৰত। গ্ৰামাঞ্চলতো কৰৰ অত্যাচাৰ আৰম্ভ কৰিব। হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ শোষণনীতিৰ Franchisee এইবাৰ মফচলীয় চহৰবোৰত খুলিছে, পঞ্চায়ত নিৰ্বাচনৰ পিছত গাওঁবোৰত খুলিব।”— তেওঁ কয়।

সেয়েহে তেখেতে চহৰ, নগৰ, গ্ৰামাঞ্চলৰ সকলো নাগৰিককে চৰকাৰৰ এনে শোষণ নীতিৰ বিৰুদ্ধে প্ৰৱল জনমত গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ কয় যে জানিব পৰা মতে পৌৰসভাই নাগৰিক সকলক ওজৰ আপত্তিৰ বাবে সময় দিছিল যদিও এই সময়সীমা অত্যন্ত কম আৰু বহু সময়ত পৌৰসভা সমূহে ওজৰ আপত্তি সমূহৰ ওপৰত গুৰুত্ব নিদিয়াও পৰিলক্ষিত হৈছে।

মুখপাত্ৰদ্বয়ে চৰকাৰক অতিশীঘ্ৰে এনে স্বেচ্ছাচাৰী নীতি পৰিহাৰ কৰি ৰাইজৰ দাবী মানি সদ্যহাতে এই কৰ আৰোপৰ অভিসন্ধি বন্ধ ৰাখিবলৈ দাবী জনায়। তেখেত সকলে নাগৰিক সকলৰ এনে কৰ বিৰোধী প্ৰতিবাদৰ প্ৰতি ৰাইজৰ দলৰ সম্পূৰ্ণ সমৰ্থনৰ কথাও উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd