চামগুৰিত ৰাইজৰ দলৰ চামগুৰি সমষ্টি সমিতি গঠন : বিজেপি-কংগ্ৰেছক তীব্ৰ সমালোচনা

index.jpg

আগন্তুক বিধান সভা নিৰ্ব্বাচনৰ দিন চমু চাপি অহাৰ সময়তে ৰাজনৈতিক দলসমূহে ৰাজনৈতিক কুজকাৱাজ চলাবলৈ আৰম্ভ কৰাৰ সময়তে সোমবাৰে নগাঁও জিলাৰ চামগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহত ৰাইজৰ দলৰ এখনি সভা অনুষ্ঠিত হয়।

নিৰ্বাচনৰ প্ৰতি লক্ষ্য কৰি নৱ গঠিত ৰাইজৰ দলে চামগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা চামগুৰি সমষ্টি সমিতি গঠন কৰা সভাত মুখ্য অতিথি হিচাপে ৰাইজৰ দলৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰকাশ বৰুৱা উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰী কংগ্ৰেছ আৰু সাম্প্ৰদায়িক বিজেপি দলক বিধা সভা নিৰ্বাচনত উৎখাত কৰি ৰাইজৰ দলক দিছপুৰত স্থাপন কৰিবলৈ অসমৰ জনগণৰ লগতে  চামগুৰিবাসীক মাৰ বান্ধি সাজু হ’বলৈ  আহ্বান জনায়।

ৰাইজৰ দলত অলপতে যোগদান কৰা শ্ৰমিক উন্নয়ন পৰিষদৰ প্ৰাক্তণ সভাপতি প্ৰদীপ কলিতাই কয় যে বিজেপি চৰকাৰখনে বিগত কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত হোৱা দুৰ্নীতিৰ দৰেই বিজেপি চৰকাৰখনেও সমান দুৰ্নীতি কৰি আহিছে।

আহি থকা দিনত আৰ টি আই যোগে লাভ কৰা সকলো দুৰ্নীতিৰ তথ্যসমূহ সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজে জানিব পাৰিব বুলি কৃষক নেতাগৰাকীয়ে মন্তব্য কৰে।

পৰৱৰ্তী সময়ত ৰাইজৰ দলৰ চামগুৰি সমষ্টি সমিতিৰ সভাপতি হিচাপে প্ৰদীপ কলিতা আৰু সাধাৰণ সম্পাদক ৰঞ্জিত দাধৰাৰ নেতৃত্বত ৩১ জনীয়া নৱ নিযুক্ত সদস্যৰে চামগুৰি সমষ্টি সমিতিখন গঠন কৰা হয়।

নগাঁও জিলাৰ ৰাইজৰ দলৰ উপ সভাপতি ৰিয়াজউদিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাতেই শতাধিক বিজেপি আৰু কংগ্ৰেছ কৰ্মীই ৰাইজৰ দলত যোগদান কৰে বুলি নৱ গঠিত সমষ্টি সমিতিৰ সভাপতি প্ৰদীপ কলিতাই জানিবলৈ দিছে।

উক্ত সভাত ৰাইজৰ দলৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক বিতুপন শইকীয়া, উপ সভাপতি চিৰন্তন তামূলী চেতীয়া, সাধাৰণ সম্পাদক আব্দুল আজিজ, সম্পাদনক আক্ৰামূলকে ধৰি বহু সংখ্যক নেতা কৰ্মী উপস্থিত থাকে।