অকলেই খেলিব উপ-নিৰ্বাচন; মৰিয়নীত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে ৰাইজৰ দলে

বিধায়ক অখিল গগৈৰ মতে কংগ্ৰেছে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰিলে। বহু দিন অপেক্ষাৰ অন্তত অকলে উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত ৰাইজৰ দলৰ।

দুটা সমষ্টিত প্ৰাৰ্থিত্ব দিব ৰাইজৰ দলে। থাওৰাত ধৈৰ্য কোঁৱৰ আৰু মৰিয়নীত সঞ্জীৱ গগৈ।

অখিল গগৈৰ মতে “কংগ্ৰেছ দলে সদায় নিজে BIG Brother হৈ থাকিব বিচাৰে। অন্য কাৰো কথা শুনাৰ ধৈৰ্য্য নাই কংগ্ৰেছ নেতৃত্বৰ।”

আজি সংবাদমেল যোগে কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজৰাৰ লগতে মৰিয়নী সমষ্টিৰ প্ৰাৰ্থী ৰূপে সঞ্জীৱ গগৈৰ নাম ঘোষণা কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে।

ইফালে দলৰ পৰা টিকট লাভ কৰিয়েই মৰিয়নি সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰাইজৰ দলৰ সঞ্জীৱ গগৈ। ৰূপজ্যোতি কুৰ্মীয়ে ৪ টা কাৰ্যকাল শাসনত থাকিও সমষ্টিৰ বিশেষ উন্নয়ন কৰিব নোৱাৰিলে বুলি অভিযোগ সঞ্জীৱ গগৈৰ।

মুখ্যমন্ত্ৰীৰ আঁচনিৰো সমষ্টিটোত সফল ৰূপায়ণ কৰিব নোৱাৰাৰ অভিযোগ ৰূপজ্যোতিৰ বিৰুদ্ধে।

উপ নিৰ্বাচনত তেওঁ জয়ী হ’লে সমষ্টিটোৰ সৰ্বাঙ্গীন বিকাশৰ বাবে কাম কৰি যাব বুলি উল্লেখ কৰে।

ইপিনে, উপ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৬ টা সমষ্টিৰ ২ টা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থীক কেনেদৰে ৰাইজে আঁকোৱালি লয় সেয়া সময়ত লক্ষ্যণীয় হ’ব।