৩.৫ বছৰৰ ভিতৰত সম্পুৰ্ণ বৈদ্যুতিক হ’ব ভাৰতীয় ৰে’লৱেৰ সকলো পথ : ৰে’ল মন্ত্ৰী পিযুষ গোৱেল

উৎস-ইণ্টাৰনেট

আগন্তুক ৩.৫ বছৰৰ ভিতৰত ভাৰতীয় ৰে’লৱে সম্পুৰ্ণৰূপে বৈদ্যুতিক হ’ব বুলি বৃহস্পতিবাৰে ৰে’ল মন্ত্ৰী পিযুষ গোৱেলে মন্তব্য কৰে।

আনহাতে আগন্তুক ৯-১০ বছৰৰ ভিতৰত দেশৰ ৰে’লৱেক ১০০ শতাংশ ‘ক্লীন পাৱাৰ’লৈ লৈ যোৱাৰ ক্ষেত্ৰত ক্ৰমবদ্ধ পদ্ধতিৰে কাম কৰি থকা হৈছে বুলিও মন্ত্ৰী গোৱেলে লগতে কয়।

”২০৩০ চনৰ ভিতৰত আমি সকলোৱে একোগৰাকী গৌৰবিত নাগৰিক হিচাপে বিশ্বৰ ভিতৰত সৰ্ববৃহৎ প্ৰথম ১০০ শতাংশ ‘ক্লীন এনাৰ্জী’ৰে চলিত ৰে’লৱেৰ অংশীদাৰ হ’ব পাৰিম,” গোৱেলে কয়।

ভাৰতীয় ঔদ্যোগিক সংস্থাৰ এখন অ’নলাইন বৈঠকত অংশলৈ পিযুষ গোৱেলে এইদৰে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, ভাৰতীয় ৰে’লৱে শূন্য কাৰ্বন নিৰ্গমনৰ বাবে দীৰ্ঘদিনৰ পৰা কাম কৰি আহিছে। কাৰ্বনৰ নিৰ্গমন হ্ৰাস কৰাৰ বাবে ভাৰতীয় ৰে’লৱে সকলো ৰে’ল পথৰ বৈদ্যুতিকৰণৰ কাম কৰি আহিছে।

ভাৰতীয় ৰে’লৱে সকলো ব্ৰডগজ ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পুৰ্ণৰূপে বৈদ্যুতিক গঢ়ি তোলাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে আৰু এতিয়ালৈ ৪০,০০০ আৰ কে এমত কৈ অধিক পথৰ বৈদ্যুতিকৰণৰ কাম সম্পুৰ্ণ হৈছে।

ক’ৰ’না ভাইৰাছৰ বাবে ঘোষণা কৰা ল’কডাউনৰ সময়তে দেশৰ ৩৬৫ কিলোমিটাৰ ৰে’লপথৰ বৈদ্যুতিকৰণৰ কাম সমাপ্ত হৈছে।