পত্নীক হত্যাৰ অভিযোগত অভিযুক্ত পলাতক এগৰাকী ৰে’লৱে বিষয়াক গুৱাহাটীত গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
গ্ৰেপ্তাৰ হোৱা ৰাহুল সিঙ কামৰূপ জিলাৰ ৰঙিয়াৰ সমীপৰ কেন্দুকোনা ৰে’ল ষ্টেচনৰ ষ্টেচন মাষ্টৰ হিচাপে কৰ্মৰত আছিল। তেওঁলোকৰ বাসগৃহত পত্নীক মৃত অৱস্থাত উদ্ধাৰ হোৱাৰ এক পষেকৰো অধিক সময়ৰ পাছত শনিবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ‘ অভিযুক্তই গুৱাহাটীৰ এটা অট্টালিকাত ছদ্মবেশত ব্যক্তিগত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰি আছিল। গ্ৰেপ্তাৰৰ পিছত তেওঁক ৰঙিয়ালৈ অনা হৈছে। স্থানীয় আদালতত হাজিৰ কৰোৱাৰ পিছত সিঙক চাৰি দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।
অভিযোগ অনুসৰি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিষয়াগৰাকীয়ে যোৱা ২ জুলাইত তেওঁলোকৰ সন্তানৰ সন্মুখতে পত্নীক ছুৰীৰে আঘাত কৰি হত্যা কৰি পলায়ন কৰিছিল বুলি এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।
তেওঁ কয়, ‘মৃত মহিলাগৰাকী অঞ্জলি সিং বুলি চিনাক্ত কৰা হৈছে। শিশু দুটাই আমাক জনাইছিল যে তেওঁলোকৰ পিতৃয়ে তেওঁলোকৰ মাতৃক ছুৰীৰে আঘাত কৰিছিল।’
ফৰেনছিক বিভাগ আৰু অপৰাধ অনুসন্ধান বিভাগে স্থানীয় আৰক্ষীক তদন্তত সহায় কৰিছিল।
হত্যাকাণ্ডৰ কেইদিনমান পিছতে ভুক্তভোগীয়ে আত্মীয়-স্বজনলৈ প্ৰেৰণ কৰা বুলি কোৱা এটা অডিঅ’ ক্লিপ পোহৰলৈ আহিছিল। তাত অঞ্জলিয়ে কোৱা শুনা যায় যে তেওঁৰ স্বামী আৰু শাহুৱেকে তেওঁক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাইছিল।
তেওঁ লগতে স্বামীয়ে হত্যাৰ ভাবুকি দিয়াৰ কথাও কৈছিল আৰু যদি তেওঁৰ কিবা ঘটে তেন্তে তেওঁকে জগৰীয়া কৰা উচিত বুলিও কৈছিল।