বঙাইগাঁৱৰ ৰে’লগেটত কৰ্মৰত অৱস্থাতে ৰে’ল কৰ্মচাৰীক আক্ৰমণ

বঙাইগাঁও চহৰৰ মাজমজিয়াৰ মহাবীৰস্থান ৰে’লগেটত ৰে’লগেটৰ গেটমেনক এজন দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

গেটমেন মহেশ বৈশ্যই নিজৰ ৰে’ল গুমটিত (ঘৰ) বহি থকা অৱস্থাত যুৱক এজনে আহি অশ্লীল বাক্যৰে গালি গালাজ কৰি গেটমেন মহেশ বৈশ্যৰ মুখ মণ্ডলত ঘোচা মাৰে ৷ ইয়াৰ পিছত গেটমেনজনে বেলচা এখন লৈ পিছ লোৱাত যুৱকজন দৌৰি গৈ ৰে’ল আলিৰ শিলগুটি দলিওৱা আৰম্ভ কৰে ৷

এনে অৱস্থাত গেটমেন জন কোনো মতে ৰে’ল গুমটিৰ ভিতৰত সোমাই নিজকে ৰক্ষা কৰে ৷ কিন্তু শিল দলিওৱাৰ ফলত ৰে’ল গুমটিৰ গ্লাচ ভাঙি ক্ষতি সাধন হয় ৷ এই ঘটনা সংঘটিত কৰি যুৱক জনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

ইপিনে স্থানীয় ৰাইজে জনোৱা মতে এই ঘটনা সংঘটিত কৰা যুৱক জনৰ নাম জনৈক মৰন ৰায় আৰু ঘৰ নিউ কলোনী ৰে’লৱে আৱাসিক অঞ্চলত ৷ যুৱকজনে নিজৰ নামটো প্ৰতিবাৰেই বেলেগ বেলেগকৈ কৈ আহিছে ৷

উল্লেখ্য যে ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ বঙাইগাঁও শাখাৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে দ্বীপেন বৰা আৰু শম্ভু প্ৰসাদ দাস ।

নেতাদ্বয়ে ৰে’ল কৰ্মচাৰীৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে ৰে’ল বিভাগৰ প্ৰতি দাবী জনায় ৷ নহলে এনে আতংকৰ মাজতে নিজ দায়িত্ব পালন কৰা সম্ভৱ নহয় বুলি মন্তব্য কৰি উক্ত স্থানতো নিৰাপত্তা প্ৰদান কৰাৰ দাবী জনায় ৷

ইপিনে ঘটনা সন্দৰ্ভত আক্ৰমণৰ বলি হোৱা ৰে’ল কৰ্মচাৰী মহেশ বৈশ্যই নিউ বঙাইগাঁও ৰে’লৱে আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰে ৷

আনহাতে গেটমেনজনক আক্ৰমণ কৰি পলায়ন কৰা যুৱকজনক পিছত স্থানীয় ৰাইজে কৰায়ত্ব কৰি ঘটনাস্থলীলৈ আনে আৰু পিছত ৰে’লৱে আৰক্ষীয়ে আটক কৰি লৈ যায় ৷