• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লগ্ন ৰক্ষা! দৰাৰ অনুৰোধত ৰে’ল মন্ত্ৰীৰ সঁহাৰি; পলমকৈ এৰিলে শৰাইঘাট, দৰাযাত্ৰী পালে গুৱাহাটীৰ ৰভাতলী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2024 9:11 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

81
VIEWS
Share on FacebookShare on Twitter

লগ্ন উকলি নগ’ল কইনাৰ। আৰু কোনোমতে ট্ৰেইন ধৰি স্বস্তি এৰিলে দৰাই। যাত্ৰা নিশ্চিত হ’ল দৰাযাত্ৰীৰো। নহ’বইবা কিয়? স্বয়ং ৰে’ল মন্ত্ৰীগৰাকীয়েই আগবঢ়ালে সহায়ৰ হাত! তেওঁৰ উদ্যোগ আৰু সৌজন্যতাৰ বাবে এই যাত্ৰাত বিয়াখন একপ্ৰকাৰ সম্ভৱ হৈ উঠিল!

দৰাচলতে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰে’লৰ ব্যৱস্থা কৰি সময়মতে কইনাৰ ঘৰ পোৱাৰ ব্যৱস্থা কৰিছিল। শুকুৰবাৰে ৰে’লৱেৰ এই অভিনৱ ‘বিবাহ বান্ধৱ’ সিদ্ধান্তৰ বাবেই  শনিবাৰে সময়মতে গুৱাহাটীত চাৰিখন হাত সুকলমে একত্ৰিত হ’ল।

ঘটনা অনুসৰি, শুকুৰবাৰে ইতিমধ্যে তিনি ঘণ্টা পলমকৈ চলি আছিল হাওৰা অভিমুখী গীতাঞ্জলি এক্সপ্ৰেছ। আৰু সেই ৰে’লত হাওৰালৈ আহি আছিল দৰাসহ-দৰাযাত্ৰী। হাওৰা আহিয়েই শৰাইঘাট এক্সপ্ৰেছত উঠাৰ কথা। গন্তব্যস্থান গুৱাহাটীৰ কইনাৰ ঘৰ।

লগতে পঢ়কঃ আমেৰিকাত গ্ৰেপ্তাৰ গেংষ্টাৰ লৰেঞ্চৰ ভাতৃ আনমোল বিষ্ণোই; আছে অপৰাধৰ দীঘলীয়া তালিকা

হাওৰাৰ পৰা শৰাইঘাট এক্সপ্ৰেছৰ নিৰ্ধাৰিত সময় সন্ধিয়া ৪.০৫ বজাত। কিন্তু বাটত পলম হোৱাৰ বাবে গীতাঞ্জলি এক্সপ্ৰেছ ৩:৩০ বজাত সাতাৰগাচীত উপস্থিত হয়। দৰা চন্দ্ৰশেখৰ বাঘা আৰু ৩৫ জন দৰাযাত্ৰী বৰ চিন্তিত হৈ পৰিল। হাওৰা কেনেকৈ পাব? টিকিয়াপাৰাৰ পৰা হাওৰালৈ আহি পাবলৈ অতিৰিক্ত সময় লাগে কাৰণ সাতাৰাগাচীৰ পৰা হাওৰালৈ একক লাইন। ফলত শৰাইঘাট এক্সপ্ৰেছ হাতৰ পৰা ওলাই যোৱাৰ শংকাত তেওঁলোক উদ্বিগ্ন হৈ পৰে।

দৰা মুম্বাইৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক। টুইটাৰযোগে তেওঁ ৰে’ল মন্ত্ৰীক খৰধৰকৈ বিষয়টো অৱগত কৰে। ৰে’ল মন্ত্ৰীও বিষয়টোৰ গুৰুত্ব অনুভৱ কৰি হাওৰাৰ ডি আৰ এম সঞ্জীৱ কুমাৰক সহযোগ কৰিবলৈ কয়। সঞ্জীৱ লগে লগে কামত লাগিল। খৰগপুৰৰ জ্যেষ্ঠ ডি অ’ এম-এ লাইন ক্লিয়াৰ কৰি গীতাঞ্জলি এক্সপ্ৰেছ হাওৰালৈ ক্ষিপ্ৰ প্ৰৱেশৰ ব্যৱস্থা কৰিবলৈ কয়। ইয়াৰ পিছত একক লাইন হোৱাৰ বাবে আপৰ ট্ৰেইন কিছু নিয়ন্ত্ৰণত ৰাখি গীতাঞ্জলি এক্সপ্ৰেছখন পোনে পোনে হাওৰালৈ অনা হয়।

বিয়লি ৩.৫৫ বজাত হাওৰা নিউ কমপ্লেক্সত উপস্থিত হয় ৰে’লখন। তাৰ পৰাই হাওৰাৰ জ্যেষ্ঠ ডিচিএম ৰাহুল ৰঞ্জনৰ নেতৃত্বত গ্ৰীণ কৰিডৰ সৃষ্টি কৰি পুৰণি কমপ্লেক্সত উপস্থিত হ’ল। ইতিমধ্যে সংশ্লিষ্ট ডবাটোৰ সন্মুখত পাঁচখন বেটাৰী গাড়ী উপস্থিত আছিল। দৰাৰ লগতে দৰাযাত্ৰীসকলকো খৰখেদাকৈ ৮ নং প্লেটফৰ্মলৈ অনা হ’ল। য’ৰ পৰা শৰাইঘাট এক্সপ্ৰেছ বিয়লি ৪.০৫ বজাত যাত্ৰা কৰাৰ কথা।

লগতে পঢ়কঃ আলিয়া-দীপিকা নহয় কোন এইগৰাকী সৰ্বোচ্চ মাচুল লোৱা ভাৰতীয় অভিনেত্ৰী? সবিশেষ

জ্যেষ্ঠ ডিচিএম ৰাহুল ৰঞ্জনে কয় যে দৰাৰ সৈতে শৰাইঘাট এক্সপ্ৰেছখন হাওৰা এৰাত পাঁচ-সাত মিনিট পলম হৈছিল। ৰে’ল মন্ত্ৰীকে ধৰি ৰে’ল বিভাগৰ বিষয়াসকলৰ মানৱীয়তাক লৈ দৰাপক্ষ অতিশয় সুখী। বিয়াখনলৈ বিষয়াসকলকো নিমন্ত্ৰণ জনায়। শনিবাৰে চন্দ্ৰশেখৰৰ বিবাহ সুকলমে সম্পন্ন হয়।

গুৱাহাটীৰ পৰা এম টেক কৰাৰ সময়তে তেওঁৰ কইনাৰ সৈতে পৰিচয়। তাৰ পৰাই প্ৰেম আৰু শেষত বিয়া। চন্দ্ৰশেখৰে বিয়াখন নিৰ্বিঘ্নে সম্পন্ন হোৱাৰ পিছত ৰে’ল মন্ত্ৰী আৰু ৰে’ল বিভাগৰ বিষয়াসকলৰ সহযোগিতাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে।

Recent News

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd