ভায়েকৰ বিয়াত হেলিকপ্তাৰৰ পৰা চটিওৱা টকা ল’বলৈ মানুহৰ হেতা-ওপৰা, ক’ত? চাওঁক ভিডিঅ’

a heli-copter.jpg-2

মহা ধুমধামেৰে আয়োজন কৰা হৈছে ভায়েকৰ বিয়া। পানীৰ দৰে খৰচ কৰা হৈছে ধন।

বিধে বিধে ব্যঞ্জনেৰে আপ্যায়ানৰো ব্যৱস্থা কৰা হৈছে অভ্যাগতক।

কেৱল সেয়াই নহয়, বিয়া খনৰ আন এক আকৰ্ষণ হৈছে হেলিকপ্তাৰৰ পৰা ধন চটিওৱাৰ পৰ্ব।

ভায়েকৰ বিয়া উপলক্ষে আকাশ মাৰ্গৰ পৰা হেলিকপ্তাৰেৰে ধন চটিয়াইছে এজন ধন কুবেৰ ককায়েকে।

হেলিকপ্তাৰৰ পৰা টকা সিঁচি দিয়াৰ এই ঘটনাটো ঘটিছে পাকিস্তানত। যিটো সময়ত ধাৰৰ বোজাত পোত খাই আছে পাকিস্তান, যিটো সময়ত দেশ খনৰ প্ৰতিগৰাকী নাগৰিকৰ মূৰৰ ওপৰত প্ৰায় ১ লাখ ৭৫ হাজাৰ পাকিস্তানী টকাৰ ধাৰৰ বোজা আছে , সেই সময়তে দেশ খনৰ একাংশ ধনী লোকে বিয়াত এনেদৰে টকা বিলাই গৈছে।

শেহতীয়াকৈ হেলিকপ্তাৰৰ পৰা টকা বিলোৱাৰ ঘটনাটো ঘটিছে পঞ্জাৱ প্ৰদেশৰ নাওৰৱালৰ মাণ্ডি বাহাউদ্দিন অঞ্চলত।

দৰাৰককায়েকে হেলিকপ্তাৰৰ পৰা টকা চটিয়াই দিয়াৰ সমান্তৰালকৈ দৰাৰ আত্মীয়ই ঘৰৰ ছাদৰ ওপৰৰ পৰাও টকা চটিয়াই দিয়া দেখা গৈছে।

ওপৰৰ পৰা চটিয়াই দিয়া টকা সংগ্ৰহ কৰিবলৈ মানুহে হেতা-ওপৰা লগোৱাও দেখিবলৈ পোৱা যায়।

সম্প্ৰতি পাকিস্তানৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

বহুতে ভিডিঅ’টো চাই আচৰিত হৈ পৰা পৰিলক্ষিত হৈছে।

বহুতে আকৌ ক্ৰমাৎ ধাৰৰ বোজাত কোঙা হৈ পৰা দেশ খনত সংঘটিত এনে ঘটনাক সমালোচনাও কৰা দেখা গৈছে।

যিকি নহওঁক আকাশৰ পৰা উৰি উৰি সৰি পৰা টকা চটিওৱাৰ দৃশ্য হয়তো খুব  কমেইহে দেখা যায়।

তাৰ ভিতৰত পাকিস্তানৰ ঘটনাটোও এটা বুলি ক’ব পাৰি।