• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘাতক প্ৰেম! ইন্দোৰৰ ভাড়াঘৰত সোণমৰ বাবে ৫ হাজাৰ টকাৰ খাদ্য-সামগ্ৰী ক্ৰয় কৰিছিল ৰাজে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2025 1:32 pm
378
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ত স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰি সোণম ক’ত লুকাই থাকিব সেই সন্দৰ্ভত কেইবাটাও পৰিকল্পনা কৰিছিল অভিযুক্ত ৰাজ সিং কুশৱাই।

প্ৰথম পৰিকল্পনা আছিল আন এগৰাকী মহিলাৰ মৃতদেহ জ্বলাই সোণম বুলি প্ৰচাৰ কৰা। কিন্তু সেই পৰিকল্পনা কাৰ্যকৰী কৰিব পৰা নগ’ল। তাৰপিছত‘প্লেন বি’ চূড়ান্ত কৰা হয় । ইন্দোৰত সোণমে ঘৰ এটা ভাড়াত লৈ থাকিব বুলি ঠিক কৰা হৈছিল।

পৰিকল্পনা অনুসৰি এটা ঘৰ ভাড়াত লোৱা হৈছিল। ১৬ হাজাৰ টকা এডভান্স ঘৰৰ মালিকক দিয়া হয়। ভাড়া কোনে লৈছিল?

জানিব পৰা মতে, ৰাজাক হত্যা কৰিবলৈ লৈ যোৱা হৈছিল ২২ বছৰীয়া বিশাল সিং চৌহানক। বিশালে প্ৰথমে ৰাজাক আক্ৰমণ কৰিছিল। এই অভিযুক্তই সোণমৰ বাবে ইন্দোৰত এটা ঘৰ ভাড়াত লৈছিল। তদন্তৰ সময়ত ইন্দোৰ আৰক্ষীয়ে এনে তথ্য লাভ কৰে।

আৰক্ষীয়ে জনোৱা মতে, ২৩ মে’ত সোণমে ৰাজাক হত্যা কৰি আত্মগোপন কৰিছিল। কিছুদিন ৰাজৰ ঘৰত আছিল। তাৰ ঠিক সাতদিন পিছত ৩০ মে’ত ইন্দোৰত এটা ঘৰ ভাড়াত লোৱা হয়। ভাড়াত লোৱা ঘৰটো বিশালে আত্মগোপন কৰা ঠাইৰ পৰা পাঁচ কিলোমিটাৰ দূৰত আছিল।

ঘৰটো ভাড়াত লোৱাৰ সময়ত বিশালে পুলিচ ভেৰিফিকেশ্যনো কৰে। তেওঁ নিজকে ইণ্টেৰিয়ৰ ডিজাইনাৰ হিচাপে পৰিচয় দিছিল। তেওঁ কৈছিল যে ইন্দোৰত তেওঁৰ কিছু কাম আছে। সেইবাবেই তেওঁ ঘৰটো ভাড়াত লৈছে।

সেই ঘৰতে সোণম লুকাই আছিল। ‘প্ৰেমিক’ ৰাজে সোণমৰ বাবে ৫ হাজাৰ টকাৰ দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী আৰু ৰেচন ক্ৰয় কৰিছিল। তাৰ মাত্ৰ কেইদিনমান পিছতে ২ জুনত ৰাজাৰ মৃতদেহ উদ্ধাৰ হয়। ভাড়া ঘৰত বহি টিভিত সেই খবৰটো চাইছিল সোণমে।

শুকুৰবাৰে উজ্জয়িনীত ৰাজাৰ পৰিয়ালে তেওঁৰ ‘পিণ্ডদান’ কৰে। তাত উপস্থিত আছিল সোণমৰ ভায়েক গোবিন্দ। ভনীয়েকৰ এই কাণ্ডত তেওঁ বৰ লজ্জিত। তেওঁ কয়, ‘ৰাজৰ সৈতে সোণমৰ প্ৰেমৰ সম্পৰ্ক থকা কথাতো যদি মই কিবাকৈ গম পালোহেঁতেন, তেন্তে মই সিহঁতক পলাই যাবলৈ ক’লোহেঁতেন। মই তাইক কেতিয়াও ৰাজাৰ লগত বিয়া নিদিলোহেঁতেন।’

Recent News

দুৰ্ঘটনাৰ নিশা প্ৰকৃততে কি হৈছিল নম্ৰতাৰ সৈতে? পিতৃৰ বিস্ফোৰক অভিযোগ

দুৰ্ঘটনাৰ নিশা প্ৰকৃততে কি হৈছিল নম্ৰতাৰ সৈতে? পিতৃৰ বিস্ফোৰক অভিযোগ

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃতদেহ চিনাক্ত

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃতদেহ চিনাক্ত

ঘাতক প্ৰেম! ইন্দোৰৰ ভাড়াঘৰত সোণমৰ বাবে ৫ হাজাৰ টকাৰ খাদ্য-সামগ্ৰী ক্ৰয় কৰিছিল ৰাজে

ঘাতক প্ৰেম! ইন্দোৰৰ ভাড়াঘৰত সোণমৰ বাবে ৫ হাজাৰ টকাৰ খাদ্য-সামগ্ৰী ক্ৰয় কৰিছিল ৰাজে

গুৱাহাটীৰ মাজমজিয়াত ফল-মূলৰ ব্যৱসায়ীক ছুৰীৰে আক্ৰমণ কৰি পলায়ন ইউটিউবাৰ ৰাব্বানী স্বয়ামৰ

গুৱাহাটীৰ মাজমজিয়াত ফল-মূলৰ ব্যৱসায়ীক ছুৰীৰে আক্ৰমণ কৰি পলায়ন ইউটিউবাৰ ৰাব্বানী স্বয়ামৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd