স্বাভাৱিকভাৱে এদিনত ৮ঘন্টা বা ৯ঘন্টা টোপনি মৰাটো সাধাৰণ কথা। তাতোকৈ বেছি টোপনি জঠৰ লোকে কিমান ঘন্টা শুৱ পাৰে? ১০ ঘন্টা বা ১২ ঘন্টা? ঠিক আছে ১৪-১৫ঘন্টা শুলেও মানি ল’ব পাৰি।
কিন্তু বছৰটোৰ ৩০০দিন শুই থকাটো সম্ভৱ? হয়, এয়া কাহিনী নহয়, কলিযুগৰে বাস্তৱ ঘটনা।
ৰাজস্থানৰ বাসিন্দা পুৰখাৰামৰ অৱস্থা এয়া। বছৰটোৰ ৩৬৫দিনৰ ভিতৰত ৩০০দিনেই শুই কটায় ৪২বছৰীয়া এইগৰাকী ব্যক্তিয়ে। ফলত কুম্ভকৰ্ণ হিচাপে পৰিচিত হৈ পৰিছে তেওঁ।
পুৰখাৰামে অৱশ্যে এই ‘কুম্ভকৰ্ণ’ অপবাদ নিজৰ গুণ-দোষত পোৱা নহয়। দৰাচলতে এক্সিছ হাইপাৰছ’মনিয়া নামৰ এক বিৰল ৰোগত ভূগিছে তেওঁ। এই ৰোগৰ ফলত ঘন্টাৰ পাছত ঘন্টা ধৰি শুই থাকে আক্ৰান্ত লোকজন।
বৰ্তমান একেৰাহে ২৫দিন শুই থাকে পুৰখাৰামে। উপাৰ্জনৰ বাবে পুৰখাৰমাৰ এখন সৰু গেলামালৰ দোকানো আছে। কিন্তু তেওঁৰ টোপনিৰ অত্যাচাৰত বছৰৰ অধিক সময় দোকানখনো বন্ধ থাকে।
কেতিয়াবা দোকানত বহি থাকোতেই টোপনিত লালকাল দিয়ে পুৰখাৰাম। তেতিয়া সেই টোপনি ভঙাৰ আৰু কাৰো সাধ্য নাথাকে।
পিচে, কেনেদৰে চলিছে ৰাজস্থানৰ এই কুম্ভকৰ্ণ। পৰিয়াল, আত্মীয় তথা চুবুৰীৰ লোকসকলেই চোৱাচিতা কৰে পুৰখাৰামক। শুই থকা সময়তে তেওঁক খুৱাই দিয়ে পত্নী লিচমি দেৱীয়ে। সেইদৰে শুই থকা অৱস্থাতে গা ধুৱাইয়ো দিয়ে।
বহু চিকিৎসকক দেখুৱাই কোনো উপায় পোৱা নাই। পুৰুখাৰামৰ মাতৃ কৱাৰি দেৱীয়ে আশা কৰিছে যে তেওঁৰ পুত্ৰ এদিন সুস্থ হৈ স্বাভাৱিক জীৱন যাত্ৰালৈ ঘুৰি আহিব।